মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আমাৰ ইতিহাস

  • ১৯৮২ চনৰ ২১ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ সৃষ্টি কৰা হৈছিল। ইয়াৰ মূখ্য উদ্দেশ্য হৈছে ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথ্যা প্ৰদান কৰা আৰু লগতে ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়ন আৰু লগতে (ক)সৌৰ, বায়ু আৰু জৈৱবস্তুপূঞ্জৰ লগতে এনে অগতানুগতিক নৱীকৰণক্ষম শক্তি উত্সৰ পৰা শক্তি আহৰণ কৰা কাৰ্য্যৰ সৈতে জড়িত কাৰ্য্যক্ৰমৰ প্ৰচাৰৰ বাবে তথ্য যোগান ধৰাটোৱেই হৈছে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ লক্ষ্য। (খ) মাইক্ৰ হাইদেল সম্পদ আহৰণ আৰু প্ৰকল্প ৰূপায়নৰ বাবে ক্ষেত্ৰীয় তদন্ত কৰা, তাৰোপৰি (গ) ৰিমট চেন্সিং আৰু জি.আই.এছ. পদ্ধতিৰ জৰিয়তে উত্পাদন বৃদ্ধিৰ বাবে ভূমিৰ বৈজ্ঞানিক ব্যৱহাৰ কৰা আৰু (ঘ) আৰ্থ-সামাজিক লাভালাভৰ বাবে বিজ্ঞান ব্যৱহাৰ কৰাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা। নাগৰিক চনদ হৈছে এখন ব্যাপক নথি যি, সেৱাৰ মাণ, তথ্য, পচন্দ আৰু পৰমৰ্শ, অ-বৈষম্যমূলক প্ৰৱেশ, অভিযোগ নিবাৰণ পদ্ধতি, সৌজন্যতা আৰু প্ৰদান কৰা সেৱাৰ মূল্য আদি দিশসমূহত ইয়াৰ নাগৰিকৰ বাবে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰতিশ্ৰুতিৰ ওপৰত লক্ষ্যস্থিৰ কৰিবলৈ প্ৰদান কৰা পৰিপাতি আৰু স্বচ্ছ চেষ্টাৰ, প্ৰতিফলন স্বৰূপ। প্ৰতিশ্ৰুতি সমুহ পুৰণ কৰা আৰু বিভিন্ন কাৰ্য্যাৱলী কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগে নাগৰিকৰ পৰা সঁহাৰি আশা কৰাটোও এই চনদৰ অন্তৰ্ভুক্ত।

    বিভাগৰ প্ৰশাসন ব্যৱস্থা আৰু নাগৰিক মাজত তথ্যৰ বিনিময় কৰা আৰু স্বচ্ছতা পৰিচয় দিয়াটোৱেই হৈছে চনদ কাৰ্য্যৰ উদ্দেশ্য আৰু নাগৰিকৰ প্ৰয়োজন অনুসাৰে প্ৰশাসনক উন্নিত কৰি ৰখা। এই ৰূপান্তৰকাৰী প্ৰক্ৰিয়াৰ কাৰ্য্যকৰী কৰিবৰ বাবে, চনদৰ সৈতে তিনিটা উপাদান সাঙুৰ খাই থাকে।

    • এখন নীতি আহিলা হিচাপে সকলো পৰ্য্যায়তে চনদৰ প্ৰতিটো উদ্দেশ্য স্পষ্ট হৈ থকাটো বাঞ্চনীয়।
    • নাগৰিক আৰু প্ৰশাসনৰ অন্তৰপৃষ্ঠ আহিলা হিচাপে চনদৰ আৰ্হি প্ৰস্তুত কৰা আৰু ইয়াৰ সেৱা প্ৰদান কৰা।
    • চনদ পৰ্য্যবেক্ষণ, চনদ মূল্যাংকণ আৰু সময়মতে চনদ অৱলোকন কৰাৰ বাবে নব্য পদ্ধতি তৈয়াৰ কৰা। আৰু লগতে চনদ ৰূপায়নত প্ৰভাৱশালীতা স্বীকাৰ কৰিবৰ বাবেও এক ব্যৱস্থাৰ সৃষ্টি কৰা।

    প্ৰদান কৰা সেৱা/লেন-দেন আৰু এনে লক্ষ্য আৰু উদ্দেশ্য আদিবোৰ বিভাগৰ নাগৰিক চনদে নথিভুক্ত কৰে। নাগৰিক চনদ ৰূপায়নৰ জৰিয়তে বিভাগে প্ৰদৰ্শন উন্নত কাৰৰ বাবে চেষ্টা কৰাটো অনিবাৰ্য্য।

    বিভাগৰ আদেশ

    • ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঁহাৰি প্ৰদান কৰা।
    • উন্নয়ন আৰু শাসন ব্যৱস্থাৰ বাবে মহাকাশ এপ্লিকেচনৰ প্ৰচাৰ কৰা।
    • আৰ্থ-সামাজিক লাভালাভৰ বাবে উদ্ভাৱন, গৱেষণা, উন্নয়ন আৰু বৌদ্ধিক স্বত্বৰ অধিকাৰ আৰু লগতে পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু ইয়াৰ সংৰক্ষণ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অধিক জনপ্ৰিয় কৰি তোলা।
    • সৌৰ আৰু আন আন প্ৰকাৰৰ অ-গতানুগতিক আৰু নৱীকৰণক্ষম শক্তি আহৰণ কৰা।
    • উদ্যমিতা, উষ্মায়ন আৰু উদ্ভাৱনৰ দ্বাৰা লাভ কৰা উন্নয়নক সঁহাৰি জনোৱা।
    • ৰাজ্যৰ চাৰিওফালে জনসাধাৰণৰ মাজত বিজ্ঞানৰ প্ৰচাৰ কৰা, বিজ্ঞান ক্ষেত্ৰত নতুন উৎকৰ্ষ সাধনৰ শিক্ষানুষ্ঠান গঢ়ি তোলা, ইতিমধ্যেই বিকাশ ঘটোৱা প্ৰযুক্তিৰ তত্বাৱধান কৰা, আৰু সাধৰণ লোকক সূফল প্ৰদান কৰিব পৰাকৈ বিজ্ঞান ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰা।