মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

নাগৰিক চনদ

    • পৰিচয়
    • বিভাগৰ লক্ষ্য, অভিযান আৰু উদ্দেশ্য
    • সাংগঠানিক সংৰচনা
    • সম্পাদন কৰা কাৰ্য্যাৱলী
    • প্ৰদান কৰা সেৱা সমূহ
    • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ক্লাইণ্টৰ তালিকা
    • ক্লাইণ্টসকলৰ পৰা কি আশা কৰা হয়
    • অভিযোগ নিবাৰণ ব্যৱস্থা
    • পৰ্যালোচনা

    পৰিচয়

    ১৯৮২ চনৰ ২১নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ সৃষ্টি কৰা হৈছিল। ইয়াৰ মূখ্য উদ্দেশ্য হৈছে ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথ্যা প্ৰদান কৰা আৰু লগতে ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়ন আৰু লগতে (ক)সৌৰ, বায়ু আৰু জৈৱবস্তুপূঞ্জৰ লগতে এনে অগতানুগতিক নৱীকৰণক্ষম শক্তি উত্সৰ পৰা শক্তি আহৰণ কৰা কাৰ্য্যৰ সৈতে জড়িত কাৰ্য্যক্ৰমৰ প্ৰচাৰৰ বাবে তথ্য যোগান ধৰাটোৱেই হৈছে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ লক্ষ্য। (খ) মাইক্ৰ হাইদেল সম্পদ আহৰণ আৰু প্ৰকল্প ৰূপায়নৰ বাবে ক্ষেত্ৰীয় তদন্ত কৰা, তাৰোপৰি (গ) ৰিমট চেন্সিং আৰু জি.আই.এছ. পদ্ধতিৰ জৰিয়তে উত্পাদন বৃদ্ধিৰ বাবে ভূমিৰ বৈজ্ঞানিক ব্যৱহাৰ কৰা আৰু (ঘ) আৰ্থ-সামাজিক লাভালাভৰ বাবে বিজ্ঞান ব্যৱহাৰ কৰাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা। নাগৰিক চনদ হৈছে এখন ব্যাপক নথি যি, সেৱাৰ মাণ, তথ্য, পচন্দ আৰু পৰমৰ্শ, অ-বৈষম্যমূলক প্ৰৱেশ, অভিযোগ নিবাৰণ পদ্ধতি, সৌজন্যতা আৰু প্ৰদান কৰা সেৱাৰ মূল্য আদি দিশসমূহত ইয়াৰ নাগৰিকৰ বাবে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰতিশ্ৰুতিৰ ওপৰত লক্ষ্যস্থিৰ কৰিবলৈ প্ৰদান কৰা পৰিপাতি আৰু স্বচ্ছ চেষ্টাৰ, প্ৰতিফলন স্বৰূপ। প্ৰতিশ্ৰুতি সমুহ পুৰণ কৰা আৰু বিভিন্ন কাৰ্য্যাৱলী কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগে নাগৰিকৰ পৰা সঁহাৰি আশা কৰাটোও এই চনদৰ অন্তৰ্ভুক্ত।

    বিভাগৰ প্ৰশাসন ব্যৱস্থা আৰু নাগৰিক মাজত তথ্যৰ বিনিময় কৰা আৰু স্বচ্ছতা পৰিচয় দিয়াটোৱেই হৈছে চনদ কাৰ্য্যৰ উদ্দেশ্য আৰু নাগৰিকৰ প্ৰয়োজন অনুসাৰে প্ৰশাসনক উন্নিতকৰি ৰখা। এই ৰূপান্তৰকাৰী প্ৰক্ৰিয়াৰ কাৰ্য্যকৰী কৰিবৰ বাবে, চনদৰ সৈতে তিনিটা উপাদান সাঙুৰ খাই থাকে।-

    • এখন নীতি আহিলা হিচাপে সকলো পৰ্য্যায়তে চনদৰ প্ৰতিটো উদ্দেশ্য স্পষ্ট হৈ থকাটো বাঞ্চনীয়।
    • নাগৰিক আৰু প্ৰশাসনৰ অন্তৰপৃষ্ঠ আহিলা হিচাপে চনদৰ আৰ্হি প্ৰস্তুত কৰা আৰু ইয়াৰ সেৱা প্ৰদান কৰা।
    • চনদ পৰ্য্যবেক্ষণ, চনদ মূল্যাংকণ আৰু সময়মতে চনদ অৱলোকন কৰাৰ বাবে নব্য পদ্ধতি তৈয়াৰ কৰা। আৰু লগতে চনদ ৰূপায়নত প্ৰভাৱশালীতা স্বীকাৰ কৰিবৰ বাবেও এক ব্যৱস্থাৰ সৃষ্টি কৰা।

    প্ৰদান কৰা সেৱা/লেন-দেন আৰু এনে লক্ষ্য আৰু উদ্দেশ্য আদিবোৰ বিভাগৰ নাগৰিক চনদে নথিভুক্ত কৰে। নাগৰিক চনদ ৰূপায়নৰ জৰিয়তে বিভাগে প্ৰদৰ্শন উন্নত কাৰৰ বাবে চেষ্টা কৰাটো অনিবাৰ্য্য।

    বিভাগৰ লক্ষ্য, অভিযান আৰু উদ্দেশ্য

    • লক্ষ্য
    • অভিযান
    • বিভাগৰ উদ্দেশ্য

    লক্ষ্যঃ ৰাজ্যৰ সামগ্ৰীক বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰা।

    অভিযান

    ১. ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন সমূহ জনপ্ৰিয় কৰি তোলা।
    ২. পৰিকল্পনা আৰু বিকাশৰ বাবে প্ৰাকৃতিক সম্পদ প্ৰৱন্ধন কৰিবলৈ ৰিমোট চেন্সিং পদ্ধতি ব্যৱহাৰ কৰা।
    ৩. নৱীকৰণক্ষম শক্তিৰ উতসৰ ব্যৱহাৰ বৃদ্ধি কৰা যাতে ইয়াৰ জৰিয়তে শক্তিৰ প্ৰয়োজন আৰু ইয়াৰ বৰ্তমান উপলব্ধতাৰ মাজৰ পাৰ্থক্য হ্ৰাস পায় আৰু তাৰ পাছতেই ক্ষমতা বৰ্ধনৰ দিশতো গুৰুত্ব আৰোপ কৰা।
    ৪. ব্যৱসায়ীক পৰিৱেশ, উদ্ভাবনীয় সামগ্ৰীৰ প্ৰচাৰ, প্ৰক্ৰিয়া আৰু পদ্ধতি আৰু লগতে বৈশিষ্টিপূৰ্ণ জ্ঞান আৰু দক্ষতা আদি সকলোৰে প্ৰতি সঁহাৰি প্ৰদান কৰা।

    বিভাগৰ উদ্দেশ্য

    ১. বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ বিভিন্ন দিশত আঁচনি/কাৰ্য্যক্ৰম তৈয়াৰ কৰা।
    ২. ভাৰত চৰকাৰ, অসম চৰকাৰ, উত্তৰ-পূৱ পৰিষদ আৰু অন্য ৰাজহুৱা প্ৰতিষ্ঠানৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সম্পৰ্কীয় নানা আঁচনি কাৰ্য্যকৰী/ৰূপায়ন কৰা।
    ৩. ৰাজ্যৰ শিক্ষানুষ্ঠান বা অন্য ক্ষেত্ৰত কৰ্মৰত বৈজ্ঞানিক, প্ৰযুক্তিগত ব্যক্তি আৰু বিশেষজ্ঞক আৰ্থিক সহায় প্ৰদান কৰাৰ জৰিয়তে অসমত বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ ক্ষেত্ৰত গৱেষণা কৰাৰ বাবে প্ৰচাৰ কৰা।

    সাংগঠানিক সংৰচনা

    alternate text

    সম্পাদন কৰা কাৰ্য্যাৱলী

    • তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা
    • পৰিকল্পনা প্ৰস্তুত কৰা
    • বাৰ্ষিক অৰ্থনৈতিক প্ৰতিবেদন প্ৰস্তুত কৰা
    • নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ
    • এ.এছ.টি.ই.চি., এ.ই.ডি.এ., জৈৱ-প্ৰযুক্তি উদ্যান আদি চৰকাৰী প্ৰতিষ্ঠান গঠন কৰা।
    • বাজেট তৈয়াৰ/যোগাযোগ কৰা
    • অধীনষ্ঠ কাৰ্য্যালয় সমূহৰ পৰা নিয়ম আৰু বিনিয়মৰ মঞ্জুৰী

    প্ৰদান কৰা সেৱা সমূহ

    ক্ৰমিক নংসেৱাপৰিস্থিতিসময়ৰেখা/ধাৰামাচুলযোগাযোগৰ বিষয়া
    প্ৰশাসনীক মঞ্জুৰী প্ৰদান কৰাক. প্ৰস্তাৱ
    খ. বাজেট ব্যৱস্থা
    গ. পৰিকল্পনা আৰু খৰচৰ পৰিমাণ জমা দিয়া
    ঘ. প্ৰযুক্তিগত অনুমোদন
    ঙ. বিত্তীয় বিভাগৰ চুক্তি
    চ. পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মঞ্জুৰী
    ৪৫ দিন  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব
    বিত্তীয় মঞ্জুৰী প্ৰদান কৰাক. প্ৰস্তাৱ
    খ. বাজেটৰ সুবিধা
    গ. তালিকা
    ঘ. প্ৰাথমিকতা তালিকা
    ঙ. পূৰ্বৰ মঞ্জুৰীৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ আৰু খৰচৰ প্ৰতিবেদন
    চ. বিত্তীয় বিভাগৰ চুক্তি
    ছ. পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মঞ্জুৰী
    জ. কামৰ অগ্ৰগতিৰ আলোকচিত্ৰ সহ প্ৰমাণ
    ৩০ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব
    চিলিং নিৰ্ধাৰণৰ মঞ্জুৰী প্ৰদান (এফ.ও.চি.)ক. চিলিং প্ৰস্তাৱ
    খ. মঞ্জুৰী পত্ৰৰ প্ৰতিলিপি
    গ. বিত্তীয় বিভাগৰ তালিকা
    ঘ. বিত্তীয় বিভাগৰ পৰা এফ.ও.চি.
    ২০দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব 
    ছুটি মঞ্জুৰী প্ৰদানক. নিৰ্ধাৰিত ৰূপত আবেদন কৰা
    খ. ছুটি মানিব পৰা প্ৰতিবেদন
    গ. চিকিৎসা ক্ষেত্ৰত চিকিৎসাৰ প্ৰমাণ পত্ৰ
    ৭-১০ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব 
    মহাগাণিতিকৰ কাৰ্য্যালয়লৈ পেঞ্চনৰ নথি প্ৰেৰণ কৰাক. সকলো প্ৰয়োজনীয় নথি সহ সঠিক ৰূপত আবেদন কৰা
    খ. সেৱা বহী
    ১০-১৫ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব 
    অধ্যয়ন যাত্ৰাৰ বাবে এন.ও.চি. প্ৰদান কৰা, পাচপোৰ্ট, বিদেশ যাত্ৰা আৰু বিদেশত প্ৰশিক্ষণ ইত্যাদিক. সঠিক ৰূপত আবেদন কৰা
    খ. পাচপোৰ্ট, ৰাজ্যৰ বাহিৰত বা বিদেশত প্ৰশিক্ষণ যাত্ৰা কৰা আদিৰ ক্ষেত্ৰত ৰাজনৈতিক তদাৰকি বিভাগৰ মঞ্জুৰী
    ৩০ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব 
    জি.পি.এফ. অগ্ৰীম ধনৰ মঞ্জুৰী (ঘুৰাই পোৱা আৰু নোপোৱা)ক. সঠিক ৰূপত আবেদন কৰা
    খ. শেহতীয়া জি.পি.এফ. প্ৰতিবেদন
    গ. শেহতীয়া দৰমহা পোৱা প্ৰতিবেদন
    ২০-২৫ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব
    তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য যোগান ধৰাক. আবেদনকাৰীক তথ্য প্ৰদানৰ বাবে আবেদন খন অন্য বিভাগ/কাৰ্য্যলয়লৈ প্ৰেৰণ যদিহে প্ৰয়োজন হয়
    খ. আবেদনকাৰীক তথ্য প্ৰদান কৰা
    ৩০ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব
    নিযুক্তি প্ৰদান কৰাক. পোনপটিয়াকৈ নহলে অসম লোক সেৱা আয়োগৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ
    খ. সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ বাবে আবেদন সমূহ পৰিক্ষা কৰা
    গ. পোনপটিয়া নিয়োগৰ বাবে বাচনি কমিটি গঠন
    ঘ. কলিং লেটাৰ প্ৰদান কৰা
    ঙ. সাক্ষাৎকাৰ
    চ. ফলাফল
    জ. নিয়োগ পত্ৰ প্ৰদান কৰা
    ৬০ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব
    ১০ৱেবচাইটত নিয়ম/ আইন/ অধিসূচনা/ কাৰ্য্যালয় স্মাৰক পত্ৰ/ কাৰ্য্যলয়ৰ আদেশ পত্ৰ/ অন্য প্ৰয়োজনী যোগাযোগ ইত্যাদি অন্তৰ্ভুক্ত কৰা ২-৩ দিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অতিৰিক্ত সচিব/যুটিয়া সচিব/ উপ সচিব

    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ক্লাইণ্টৰ তালিকা

    • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়, অসম
    • গুৱাহাটী তাৰকাগৃহ
    • অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ
    • অসম শক্তি উন্নয়ন প্ৰতিষ্ঠান
    • গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান
    • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উচ্চ শিক্ষানুষ্ঠান
    • টি.ই.আৰ.আই.
    • প্ৰাগজ্যোতিষ অপেচাদাৰী জ্যোতিষীয়া সংস্থা
    • অসম বিজ্ঞান সমাজ

    ক্লাইণ্টসকলৰ পৰা কি আশা কৰা হয়

    তলত উল্লেখ কৰা তথ্য সমূহ সময়মতে জমা দিয়া :

    তালিকাঃ

    • নিৰ্ধাৰিত ৰূপত ব্যৱহাৰীক প্ৰমাণ পত্ৰ(ইউ.চি.) প্ৰদান কৰা
    • উদ্ধৃতি, চুক্তি আৰু অন্যান্য প্ৰয়োজনীয় নথি জমা দিয়া
    • সংশ্লিষ্ট আঁচনিৰ অধীনত নিৰ্ধাৰিত ৰূপত কাৰ্য্যকৰী পৰিকল্পনা জমা দিয়া
    • নিৰ্ধাৰিত ৰূপত সঠিক আৰু বিশ্বাসযোগ্য তথ্য যুক্ত প্ৰয়োজনীয় নথিৰ সৈতে সকলো ক্ষেত্ৰতে পূৰ্ণ প্ৰস্তাৱ
    • প্ৰস্তাৱ সম্পৰ্কীয় প্ৰশ্নৰ প্ৰতি সহাৰী
    • বিভিন্ন কাৰ্য্যক্ৰমণিকাৰ অধীনত পুঁজি মুকলাবৰ বাবে কায়িক আৰু অৰ্থনৈতিক অগ্ৰগতিৰ খতিয়ান
    • প্ৰয়োজনৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটিৰ সন্মুখত প্ৰতিবেদন দাঙি ধৰা
    • সঠিক বিত্তিয় লেখ আৰু লগতে বিভাগৰ পৰা লাভ কৰা আৰ্থিক সাহাৰ্য্যৰ তথ্য আদিবোৰ ৰখা

    অভিযোগ নিবাৰণ ব্যৱস্থা

    বিভাগত অভিযোগ নিবাৰণৰ বাবে এগৰাকী মূখ্য বিষয়া নিয়োগ কৰা হয় যি অংশীদাৰ আৰু নাগৰিক সকলো প্ৰশ্ন/অভিযোগৰ প্ৰতি সঁহাৰি জনায়। এই মূখ্য বিষয়া জনৰ দিয়িত্ব হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মিলি সময়মতে ৰাজহুৱা অভিযোগ সমূহ নিষ্পত্তি কৰা। তলত উল্লেখ কৰা ঠিকনালৈ উদ্দেশ্য কৰি বগা কাগজতো নিজৰ অভিযোগ সমূহ পঠাব পাৰেঃ

    শ্ৰীমতী বিজয়ালক্ষ্মী বৰুৱা গগৈ, অ.অ.সে.
    অসম চৰকাৰৰ সচিব
    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ
    অসম সচিবালয়, দিছপুৰ, ব্লক-ডি, ৪ৰ্থ মহলা
    ফোন নং- ৯৪৩৫৭৩৩৩৪১(মো)

    যদি সন্তুষ্ট নহয়, অভিযোগ সমূহ জমা দিব পাৰিবঃ

    অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব
    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম

    পৰ্যালোচনা

    নাগৰিক চনদ প্ৰতি বছৰে পুনৰীক্ষণ কৰা হব। সেৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে মূল্যৱান পৰামৰ্শ/সঁহাৰি প্ৰদান কৰক।