মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

কৃতিস্বত্ব তথ্য কেন্দ্ৰ

  • কৃতিস্বত্ব তথ্য কেন্দ্ৰ(পি.আই.চি.) হৈছে ৰাজহুৱা প্ৰান্তত বৌদ্ধিক স্বত্বৰ অধিকাৰ(আই.পি.আৰ.) প্ৰদানকাৰী এক কেন্দ্ৰ যি ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদত কাৰ্য্যৰত। পি.আই.চি.য়ে উদ্ভাৱক/আৱিষ্কাৰক সকলক তেওঁলোকৰ বৌদ্ধিক স্বত্বৰ অধিকাৰ পঞ্জীকৰণৰ ক্ষেত্ৰত সহায় আগবঢ়াই আৰু লগতে আই.পি.আৰ. সম্পৰ্কে সজাগতাও সৃষ্টি কৰে।

    অসমত, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ(এ.এছ.টি.ই.চি.) কাৰ্য্যালয়ত পি.আই.চি.য়ে কাৰ্য্যাকলাপ পৰিচালনা কৰে আৰু ই পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ(বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা) অধীনত কাৰ্য্য সম্পাদন কৰে। ২০০৩ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনষ্ঠ প্ৰযুক্তিবিদ্যা আগজাননী আৰু মূল্যাংকণ পৰিষদৰ(টি.আই.এফ.এ.চি.) পেটেণ্ট প্ৰদানকাৰী কেন্দ্ৰৰ দ্বাৰা অসমত পি.আই.চি. প্ৰতিষ্ঠা কৰা হৈছিল। পি.আই.চি.ক বৰ্তমান ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে সঁহাৰি আগবঢ়াই।

    তলত উল্লেখ কৰা উদ্দেশ্য সমূহৰ ক্ষেত্ৰতহে প্ৰধানকৈ পি.আই.চি.য়ে কাৰ্য্য সম্পাদন কৰে

    • অসমৰ লগতে ইয়াৰ এই কেন্দ্ৰৰ সমীপৱৰ্তী অঞ্চল সমূহত বৌদ্ধিক স্বত্বৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, বিশেষকৈ পেটেণ্টৰ বিষয়ে আৰু লগতে অসম ৰাজ্য আৰু ইয়াৰ আশে পাশে থকা বিশ্ববিদ্যালয়, উদ্যোগ, চৰকাৰী বিভাগ আৰু আৰ. এণ্ড ডি. প্ৰতিষ্ঠান সমূহৰ বাবে পেটেণ্ট বিচাৰাটো সহজলভ্য কৰি তোলা।
    • নিয়মিত ভাৱে পেটেণ্ট তথ্য সমূহ বিশ্লেষন কৰা আৰু গৱেষণা আৰু উন্নয়ন ভিত্তিক এনে তথ্যৰ ওপৰত নতুন নতুন কাৰ্য্যক্ৰমৰ পৰামৰ্শ আগবঢ়োৱা।
    • উদ্ভাৱক সকলক তেঁওলোকৰ সংশ্লিষ্ট উদ্ভাৱন পেটেণ্ট কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰা।

    ইয়াৰ উপৰিও, পি.আই.চি.ৰ বৰ্ধিত কাৰ্য্যাৱলী সমূহ হৈছে আন আন আই.পি. যেনে ট্ৰেডমাৰ্ক, আৰ্হি, কপিৰাইট, ভৌগলিক সূচক ইত্যাদিৰ বাবে সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা আৰু লগতে আৱেদনৰ পাছৰ পৰ্য্যায়তো সহায় প্ৰদান কৰা। পি.আই.চি.ৰ বিষয়া সকলে আই.পি.আৰ. বক্তৃতা প্ৰদান কৰাৰ লগতে জনসাধাৰণক সচেতন কৰাৰ বাবেও বিভিন্ন কাৰ্য্যসুচীৰ জৰিয়তে বকৃতা প্ৰদান কৰে। ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচলনা চক্ৰ, কৰ্মশালা, পুনচৰ্য্যা পাঠ্যক্ৰম আদিৰ ক্ষেত্ৰতো পি.আই.চি.য়ে সমল প্ৰতিষ্ঠা হিচাপে সেৱা আগ বঢ়াই।

    পি.আই.চি.এ চাৰিটা আই.পি.আৰ. কোষো স্থাপন কৰিছে- গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় আদি সকলোতে একোটাকৈ কোষ স্থাপন কৰা হৈছে।

    এক লেখত লবলগীয়া পি.আই.চি.ৰ সফলতা হৈছে ২০০৬ চনত ৰাজ্যৰ প্ৰথমটো ভৌগলিক সূচক পঞ্জীয়ন- সেইয়া হৈছে অসমৰ মূগা ৰেচম। উল্লেখিত এই জি.আই.ৰ ইতিমধ্যে ১১৫ পঞ্জীকৃত স্বীকৃতিপ্ৰাপ্ত ব্যৱহাৰকাৰী আছে আৰু বহু সংখ্যকৰ আৱেদন প্ৰক্ৰিয়া অব্যাহত আছে। পি.আই.চি.য়ে পঞ্জীকৃত জি.আই.-অসমৰ মূগা ৰেচম বজাই ৰাখে আৰু ই সময়ে সময়ে জি.আই. পৰিদৰ্শন অৱয়ব আৰু জি.আই. লোগো উপ-কমিটিৰ সভাও পৰিচালনা কৰে।