মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

বিজ্ঞান বটাঃ প্ৰজ্জ্বলিত মস্তিষ্কক সন্মান জনোৱা

ইতিহাস

ভাৰতৰ বহু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অনুষ্ঠান-প্ৰতিষ্ঠানত অসমৰ বহু সংখ্যক বিজ্ঞানীয়ে বিভিন্ন ক্ষেত্ৰত যেনে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠিত গৱেষণা আৰু উন্নয়ন আৰু পৰীক্ষাগাৰ সমূহত কাৰ্য্য কৰি আছে। অসম চৰকাৰে যদিও সাহিত্য, ক্ৰীড়া আৰু সংস্কৃতিক ক্ষেত্ৰত ইয়াৰ সৈতে জড়িত, সমাজৰ প্ৰতি বিশেষ অৰিহনা যোগাই থৈ যোৱা, বিশিষ্ট লোকসকলক সন্মানিত কৰাৰ ব্যৱস্থা বাহাল ৰাখিছে, বৈজ্ঞানীক আৰু সৃষ্টিকৰ্তা সকলক স্বীকৃতি প্ৰদান কৰাৰ এনে কোনো ব্যৱস্থা কৰা নাই। পোনপ্ৰথমবাৰৰ বাবে অসমত এক ব্যতিক্ৰমি পদক্ষেপ গ্ৰহণৰ জৰিয়তেপ্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনটোত ৰাজ্য চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু সৃষ্টি ক্ষেত্ৰত তিনিটাকৈ বঁটা প্ৰদান কৰাৰ এক ধাৰাৰ সূচনা কৰে আৰু এইয়া প্ৰদান কৰা হয় দুজন ব্যক্তি আৰু এক সংগঠন/প্ৰতিষ্ঠানক যি বিজ্ঞান ক্ষেত্ৰত বিশেষ অৰিহনা যোগাই।
বৈজ্ঞানিক শ্ৰেষ্ঠতাৰ বাবেঃ -

  • বৈজ্ঞানিক গৱেষণা আৰু আৱিষ্কাৰ ক্ষেত্ৰত জীৱনযোৰা সফলতা
  • যুৱ বৈজ্ঞানিক/আৱিষ্কাৰক বঁটা (৩৫বযৰ অনুৰ্ধ)(এটা বঁটা)
  • অসমত বৈজ্ঞানিক গৱেষণাৰ প্ৰচাৰ কৰা/ জনসাধাৰণ মাজত বিজ্ঞান বিয়পাই দিয়া(কোনো এক সংগঠন/প্ৰতিষ্ঠান)(এক বঁটা)

উদ্দেশ্য

উত্তম প্ৰতিভাবান আৰু বিশেষ সফলতা লাভ কৰা সকলক স্বীকৃতি প্ৰদান কৰাৰ জৰিয়তে ৰাজ্যখনত বৈজ্ঞানিক গৱেষণা আৰু আৱিষ্কাৰ কৰাৰ এক সংস্কৃতি গঢ়ি তোলা।

শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান সমূহক বৈজ্ঞানিক গৱেষণা প্ৰচাৰ কৰাৰ বাবে উৎসাহ জনোৱা আৰু বিভিন্ন আন আন প্ৰতিষ্ঠান তথা স্বেচ্ছাসেৱী সংগঠন সমূহকো জনসাধাৰণৰ মাজলৈ বিজ্ঞানক লৈ যাবলৈ উৎসাহ জগোৱা যাতে এক বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠে।

বঁটা আনুষ্ঠানিকতাৰ যুক্তি

এতিয়ালৈকে বৈজ্ঞানিক আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানক অসম চৰকাৰৰ দ্বাৰা পুৰস্কিত কৰাৰ কোনো ব্যৱস্থা নাছিল। যি কোনো বিষয়ত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা জনক স্বীকৃতি প্ৰদান কৰা প্ৰথাই ভবিষ্যত প্ৰজন্মক তেনে আন আন পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও উৎসাহ যোগাই আৰু অসমত গৱেষণা আৰু আৱিষ্কাৰৰ এক সংস্কৃতি গঢ়ি তুলে। সেই বাবেই অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৈতে বৈজ্ঞানিক গৱেষণা, উদ্ভাৱন আৰু সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদৰ্শনকাৰী ব্যক্তি/প্ৰতিষ্ঠানক প্ৰতি বছৰে ৰাজ্যিক পৰ্য্যায়ত চিনাক্ত কৰাৰ বাবে সিদ্ধান্ত লয় আৰু ২৮ ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা তেওঁলোকক বঁটা প্ৰদান কৰা হয়। সেই মৰ্মে এনে প্ৰথম বঁটা প্ৰদান কৰা হৈছিল ২০১৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে।

বঁটাৰ সবিশেষ

বি.দ্ৰ.-(১) প্ৰত্যেকটো বঁটাৰ লগত নগদ পুৰস্কাৰ, উদ্ধৃত বাক্য আৰু স্মৃতি চিহ্ন গঠিত হব, (২) প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে নগদ পুৰস্কাৰৰ পৰ্যালোচনা কৰা হব।

বিভাগবঁটাৰ নামধনৰ পৰিমাণ(টকাৰ হিচাপত)মন্তব্য
বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনি ক্ষেত্ৰত জীৱনযোৰা সফলতাৰ বাবে ৰাজ্যিক বঁটা১,৫০,০০০.০০/-এজন যোগ্য জ্যেষ্ঠ আৰু খ্যাতনামা ব্যক্তি
যুৱ বিজ্ঞানী/উদ্ভাৱক ৰাজ্যিক বঁটা১,০০,০০০.০০/-৩৫ বছৰ বয়সৰ অনুৰ্ধ ব্যক্তি
বিজ্ঞান প্ৰচাৰ/জনসাধাৰণৰ মাজলৈ বিজ্ঞানক লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্যিক বঁটা১,০০,০০০.০০/-কোনো এক প্ৰতিষ্ঠান/স্বেচ্ছাসেৱী সংগঠন/বে-চৰকাৰী সংগঠন

বঁটাৰ বাবে পুঁজিৰ উৎস

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বাৰ্ষিক পুঁজিৰ সহায়ত এই বঁটা প্ৰদান কৰা হয়।