মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

নতুন তাৰকাগৃহ সমূহ

সাধাৰণ ৰাইজক সুফল প্ৰদান কৰিব পৰাকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ইতিমধ্যেই বিজ্ঞানৰ সঠিক ব্যৱহাৰ কৰিব পৰা হৈছে। গুৱাহাটী আৰু যোৰহাটৰ তাৰকাগৃহৰ উপৰিও অসমৰ বহু স্থানত বৰ্তমান নতুন নতুন তাৰকাগৃহ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কোকৰাঝাৰ, নলবাৰী আৰু উত্তৰ লক্ষিমপুৰত ইতিমধ্যেই এই তাৰকাগৃহ সমূহৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হোৱাৰ পথত, ছটা নতুন তাৰকাগৃহ নিৰ্মাণৰ প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে।

কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰঃকোকৰাঝাৰ ৰাজহ চক্ৰৰ অধীনষ্ঠ তিতাগুৰি-II নামৰ গাঁৱত ২০০৯ চনতে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিজ্ঞান জনপ্ৰিয়কৰণ পদক্ষেপৰ অধীনত এই কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞানকেন্দ্ৰটো স্থাপন কৰিছিল। ২০১১ বৰ্ষৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। দুয়োটা তাৰকাগৃহৰে ৯০ শতাংশ অসামৰিক নিৰ্মাণ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় আহিলা-যন্ত্ৰ-পাতি আদিবোৰ অধিক্ৰয় কৰা কাৰ্য্য বৰ্তমান চলি আছে।

উপ-আঞ্চলিক তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ,নলবাৰী আৰু উত্তৰ লক্ষিমপুৰ:দুয়োটা তাৰকাগৃহৰে ৯০ শতাংশ অসামৰিক নিৰ্মাণ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় আহিলা-যন্ত্ৰ-পাতি আদিবোৰ অধিক্ৰয় কৰা কাৰ্য্য বৰ্তমান চলি আছে।

ছটা নতুন তাৰকাগৃহঃ মাজুলী, কলিয়াবৰ, আমিনগাঁও, বঙাইগাঁও, ডিফু আৰু শিলচৰত ছটা নতুন তাৰকাগৃহ নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। মাজুলী, ডিফু, কলিয়াবৰ আৰু বঙাইগাঁৱত ইতিমধ্যেই ভূমি চিহ্নাক্ত কৰা হৈছএ। ডি.পি.আৰ.ও প্ৰস্তুত কৰা হৈছে, প্ৰশাসনিক মঞ্জুৰী প্ৰদান কৰিছে।