মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সফলতাৰ কাহিনীবোৰ

অসম চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহনক্ষম উন্নয়নৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে। জনসাধাৰণৰ মাজত বিজ্ঞানক প্ৰচাৰ কৰিবলৈ আৰু ইয়াৰ বাবে ৰাজ্য খনত নতুন নতুন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবলৈও বহু পদক্ষেপ গ্ৰহণ কৰিছে।

  • ৰাজ্যৰ চুকে-কোণে বিজ্ঞান প্ৰচাৰ কৰিবলৈ অসম চৰকাৰে সমগ্ৰ অসমতে ২০১৭ বৰ্ষত ২৩ টাকৈ জিলা বিজ্ঞান কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদ(এন.এছ.চি.এম.) আৰু অসম চৰকাৰৰ যুটিয়া উদ্যোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ অঞ্চলত এখন বিশাল বিজ্ঞান নগৰ নিৰ্মাণৰ কাৰ্য্যও চলাই থকা হৈছে।
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা উদ্ভাৱনী ক্ষেত্ৰত বিশেষ অৰিহনা যোগাই অহা ব্যক্তি বা অনুষ্ঠান-প্ৰতিষ্ঠান বা সংগঠনক স্বীকৃতি প্ৰদান নকৰাৰ এক অভাৱ অসমত দীৰ্ঘ দিনৰে পৰাই অনুভৱ কৰি থকা হৈছিল। গতিকে অসম চৰকাৰে ২০১৭ বৰ্ষৰ ২৭ আৰু ২৮ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি এই অভাৱ পূৰণ কৰাৰ বাবে প্ৰথম বাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তিবিদ্যা বিভাগৰ হৈ এ.এছ.টু.ই.চি. আৰু আমট্ৰনে অসম বিজ্ঞান মেলাৰ আয়োজন কৰে। এই মেলাত অন্তৰ্ভুক্ত আছিল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন, বিজ্ঞান প্ৰদৰ্শনী, বিজ্ঞানী সকলৰ সৈতে বৰ্তালাপৰ অনুষ্ঠান আৰু ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান অনুষ্ঠান।
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু লগতে উদ্ভাৱনী ক্ষেত্ৰতো অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰাই প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা দুজন ব্যক্তি আৰু এটা সংগঠন/অনুষ্ঠানক মুঠ তিনিটাকৈ ৰাজ্যিক বঁটা প্ৰদান কৰাৰ বাবেও সিদ্ধান্ত কৰে। এই বছৰ, আই.আই.টি. গুৱাহাটীৰ ড. দেৱাশীষ বৰাক যুৱ বিজ্ঞানী বঁটা, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কৃষি বিজ্ঞানী স্বৰ্গীয় অধ্যাপক দি.এন. বৰঠাকুৰক জীৱনযোৰা সাধনা বঁটা আৰু অৰণ্যক নামৰ অনুষ্ঠানটোলৈ সংগঠন বঁটা প্ৰদান কৰা হয়।
  • নলবাৰী, কোকৰঝাৰ আৰু উত্তৰ লক্ষীমৰপুৰত নিৰ্মাণৰত নতুন তাৰকগৃহকেইটাৰ নিৰ্মাণ কাৰ্য্য প্ৰায় সমাপ্ত হোৱাৰ পথত। যোৰহাটৰ তাৰকাগৃহটো ২০১৩ চনতে মুকলি কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াত প্ৰদৰ্শনী অব্যাহত আছে। মাজুলী, কলিয়াবৰ, আমিনগাঁও, বঙাইগাঁও, ডিফু আৰু শিলচৰত ছটা নতুন তাৰকাগৃহ নিৰ্মাণৰ বাবেও ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে ভূমি চিনাক্ত কৰা হৈছে, ডি.পি.আৰ.ও প্ৰস্তুত কৰা হৈছে আৰু ইয়াত প্ৰশাসনে অনুমোদনো জনাইছে।
  • • অসমৰ গাঁও পঞ্চায়ত, জিলা পঞ্চায়তৰ সদস্য সকলক সজাগ কৰাৰ বাবে আৰু গ্ৰাম্যাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীক বাছি উলিয়াবলৈ মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনি নামেৰে এখন নতুন আঁচনিও আৰম্ভ কৰা হৈছে। এই সকল লোকক তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ সমূহলৈ নিয়া আৰু এনে আন আন কাৰ্য্যক্ৰম এই আঁচনিৰ অন্তৰ্গত।
  • ৰাজ্য খনৰ বিজ্ঞান বিভাগ থকা উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত বিদ্যালয় উদ্ভিদ বৈচিত্ৰ কেন্দ্ৰ স্থাপনৰ বাবেও অসম চৰকাৰে পৰিকল্পনা কৰিছে। এই বছৰ এনে ১৬ টা কেন্দ্ৰ স্থাপন কৰা হব, আৰু পৰ্য্যায়ক্ৰমে এই আঁচনিয়ে সকলো জিলাকে সামৰি লব। এই আঁচনিৰ প্ৰাথমিক উদ্দেশ্য হল জৈৱ-বৈচিত্ৰত সংৰক্ষণ আৰু পৰিৱেশ শিক্ষাক আগুৱাই নিয়া।
  • ইয়াৰ উপৰিও বাইহাটা চাৰিআলিৰ মদন কামদেৱ অঞ্চলস্থিত অসম জৈৱ-সম্পদ কেন্দ্ৰত এক উন্নত প্ৰযুক্তিগত কেকটাছ গৃহ নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰা হৈছে।
  • ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (আই.এছ.আৰ.ও.) আৰু উত্তৰ-পূৱ মহাকাশ ব্যৱহাৰীক কেন্দ্ৰৰ (এন.ই.এছ.এ.চি.) সহযোগত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যত শাসন আৰু উন্নয়নৰ ক্ষেত্ৰত মহাকাশ সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে অসম ৰাজ্যিক মহাকাশ সন্মিলনৰ আয়োজন কৰা হয়। এইটো আশা কৰা হৈছে যাতে সকলো সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ বিভাগে ৰিমোট চেন্সিং আৰু ভৌগলিক তথ্য ব্যৱস্থা (আৰ.এছ. এণ্ড জি.আই.এছ.) ভিত্তিক প্ৰযুক্তিগত সেৱা আৰু বিভিন্ন এপ্লিকেচন ব্যৱহাৰ কৰিব পাৰিব।
  • আমি অতি গৰ্বৰে উল্লেখ কৰিব পাৰো যে ২০০৬ চনতে জি.আই.(ভৌগলিক সূচক) হিচাপে পঞ্জীকৃত অসমৰ মূগা সূতা অসমে পাবলৈ সক্ষম হৈছে আৰু একেটা বৰ্ষতে জি.আই. প্ৰতিক লাভ কৰিবলৈও সক্ষম হৈছে।
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ এ.আৰ.এছ.এ.চি. শাখাই ২য় পৰ্য্যায়ৰ ভূমি ব্যৱহাৰ/ভূমি আৱৰণৰ মানচিত্ৰকৰণ কৰি ইয়াৰ সমুদায় তথ্যভাণ্ডাৰ ইতিমধ্যে ‘ভুৱন’ নামৰ ইছৰোৱে জনসাধাৰণক উদ্দেশ্যি বিকাশ ঘটোৱা ৱেব পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে।
  • এন.ই.এছ.এ.চি.য়ে বিকাশ ঘটোৱ স্বাধীন ৱেব পৰ্টেল ‘কিয়স্ক’ত, যি ইতিমধ্যে মুকলি কৰাও হৈছে, অন্তৰ্ভুক্ত কৰিবলৈ ৰিমট চেন্সিং ব্যৱহাৰৰ জৰিয়তে লাভ কৰা বিষয়বস্তুমূলক তথ্যৰ অৰিহনা যোগাইছে এ.আৰ.এছ.এ.চি. শাখাই।
  • শোণিতপুৰ জিলাৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বিষয়া সকলৰ বাবে তেজপুৰত ২০১৭ বৰ্ষৰ ৩০ মে তাৰিখে স্থানীয় পঞ্চায়ত ৰাজ অনুষ্ঠান সৱলীকৰণৰ (ই.পি.আৰ.আই.এছ.) অধীনত পঞ্চায়ত ৰাজ অনুষ্ঠানৰ ক্ষমতা বৰ্ধনৰ বাবে জিলা ভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল, যত ৮০ জনতকৈও অধিক বিষয়াই অংশ গ্ৰহণ কৰিছিল। উত্তৰ-পূৱ স্থানীয় তথ্য ভাণ্ডাৰ(এন.ই.এছ.ডি.আৰ.) প্ৰতিষ্ঠা কৰিবলৈ এ.এছ.টি.ই.চি.ৰ এ.আৰ.এছ.এ.চি. শাখাই এন.ই.এছ.এ.চি.ৰ সৈতে বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰিছে।
  • এইটো উল্লেখ কৰিবলগীয়া যে সাধাৰণ ৰাইজক লাভান্বিত কৰিব পৰাকৈ আমি বিজ্ঞনৰ ব্যৱহাৰ কৰিব পৰা হৈছো। ভাৰত চৰকাৰৰ এম.এন.আৰ.ই.ৰ উন্নক চৌকা অভিযানৰ অধীনষ্ঠ ৮,০০০ কঢ়িয়াই নিব পৰা উন্নত ধাতুৰ চৌকা ৰাজ সাহাৰ্য্যযুক্ত দামত হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা হয়। এ.ই.ডি.এ.য়ে সমগ্ৰ ৰাজ্যতে সাতটা স্থানত ৫০মিটাৰ উচ্চতাৰ সাতটা বতাহ পৰ্য্যবেক্ষণ ষ্টেচনো স্থাপন কৰিছে আৰু চেন্নাইৰ বায়ু শক্তিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি আহিছে।
  • ৰাজ্যৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ মাজত ৬,৭৫৪ সৌৰ চাকীও বিতৰণ কৰা হৈছে, আৰু ৩৫,৫৬৮ গৃহক সামৰি ভিতৰুৱা গাঁও বৈদ্যুতিকৰণ কাৰ্য্যক্ৰমৰ অধীনত ৭৫৭ গাঁৱত সৌৰ বৈদ্যুতিকৰণৰ কামো সম্পূৰ্ণ কৰা হৈছে।
  • তেজপুৰ বিশ্ববিদ্যালয়কে সামৰি বিভিন্ন শিক্ষানুষ্ঠানত ২৫০০০ এল.পি.ডি.ত কৈও অধিক ক্ষমতাপন্ন সৌৰ পানী উতলোৱা ব্যৱস্থা স্থাপন কৰা হৈছে।
  • জৈৱ উদ্যানৰ ক্ষেত্ৰত, অসম চৰকাৰে গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যানক আমিনগাঁও অঞ্চলত ৬২ বিঘা, ৪ কঠা, ১১ লেচা (২১একৰ) ভূমি প্ৰদান কৰিছে। ইয়াৰে ৭ বিঘা ভূমি গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰ(জি.বি.পি.আই.চি.) নিৰ্মাণৰ বাবে চিনাক্ত কৰা হৈছে। গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যানৰ মূল পৰিকল্পনা ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু জি.বি.পি.এ ইয়াৰ প্ৰৱন্ধন প্ৰণালী প্ৰায় চূড়ান্ত কৰিছে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য্যও শিঘ্ৰেই আৰম্ভ কৰা হব।
  • উত্তৰ-পূৱ ভাৰতত জৈৱপ্ৰযুক্তিৰ সম্ভাৱনাক আৱিষ্কাৰ কৰিবলৈ ২০১৭ বৰ্ষৰ ৬-৭ জানুৱাৰী তাৰিখে অসম জৈৱবৈচিত্ৰ সন্মিলনৰ আয়োজন কৰা হৈছিল যি মঞ্চই জৈৱপ্ৰযুক্তিগত উদ্যমী, গৱেষক, শিক্ষাবিদ, উদ্যোগিত বৃত্তিগত লোক, বিনিয়োগকাৰী বেংক প্ৰতিষ্ঠান, বহিৰাগত বিনিয়োগকাৰী, চৰকাৰী প্ৰতিনিধি, নীতি প্ৰস্তুতকাৰী আৰু লগতে জৈৱপ্ৰযুক্তি ক্ষেত্ৰৰ আন বহু লোকক একত্ৰিত কৰে।
  • জৈৱপ্ৰযুক্তি আৰু ইয়াৰ আনুসাংগিক ক্ষেত্ৰসমূহত উদ্যমীতাৰ হাৰ বৃদ্ধি কৰাৰ বাবে পথ প্ৰদৰ্শনকাৰী উদ্ভাৱনী গৱেষণামূলক পদ্ধতি বিষয়ৰ ওপৰত জি.বি.পি.এ প্ৰতিভা সন্ধানি প্ৰতিযোগীতাৰ আয়োজন কৰিছে। এই ক্ষেত্ৰত ৫১টা প্ৰস্তাৱ ইতিমধ্যে লাভ কৰা হৈছে ইয়াৰ মূল্যংকণ প্ৰক্ৰিয়া অব্যাহত আছে।