মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

প্ৰস্তাৱ জমা দিয়া

  • পৰিচয়
  • কিছুমান চিনাক্ত কৰা ক্ষেত্ৰ
  • গুৰুত্বপূৰ্ণ টোকা
  • চৰ্তাৱলী
  • নথি/প্ৰস্তাৱৰ সৈতি অনুৰোধ কৰা গাঠি দিবলগীয়া

পৰিচয়

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কাৰ্য্যক্ৰমৰ অংশ হিচাপে, এ.এছ.টি.ই.চি.য়ে তলত উল্লেখ কৰা উদ্দেশ্য সমূহ আগত ৰাখি আৰ্থিক সহায়ৰ পাবে নিৰ্ধাৰিত সময়ৰ গৱেষণা প্ৰস্তাৱৰ বিষয়ে বিবেচনা কৰেঃ

১. অসমৰ সম্পদ উন্নয়ন, প্ৰৱন্ধন আৰু ব্যৱহাৰৰ সৈতে সম্বন্ধিত গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্পৰ প্ৰতি উৎসাহিত কৰা। বৃহৎ সংখ্যক লোকক লাভান্বিত কৰিব পৰা বিশেষকৈ গ্ৰামীণ অঞ্চলক সু-ফল প্ৰদান কৰিব পৰা প্ৰকল্পক অগ্ৰাধিকাকৰ প্ৰদান কৰা হয়।
২. সকলো সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্ণাংগ ৰূপত ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তি বিশেষকৈ অ-গতানুগতিক শক্তি উৎসৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তিৰ ক্ষেত্ৰত উৎসাহিত কৰা।
৩. বৈজ্ঞানিক/প্ৰযুক্তিবিদ সকলক আৰ. এণ্ড ডি. কাৰ্য্যক্ৰম হাতত লবলৈ, বিশেষকৈ কৈ ১. আৰু ২.ত উল্লেখ কৰা ক্ষেত্ৰ সমূহত গুৰুত্ব দিবলৈ উত্সাহিত কৰা।
৪. অসম চৰকাৰৰ পৰিষদ আৰু অন্য উন্নয়নমূলক প্ৰতিষ্ঠান পূংখানুপূংখকৈ বিবেচনা কৰা বিষয় ক্ষেত্ৰ সমূহৰ ওপৰত গৱেষণা প্ৰস্তাৱ প্ৰস্তুত কৰা।

কিছুমান চিনাক্ত কৰা ক্ষেত্ৰ

ক. কৃষি, পশুপালন আৰু পশু চিকিৎসা আৰু লগতে মীন পালন ক্ষেত্ৰৰ উন্নয়ন।
খ. ৰেচমবিদ্যা, বয়নশিল্প আৰু ৰূপায়নৰ উন্নয়ন।
গ. বিজ্ঞানসন্মত অধ্যয়ন আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ।
ঘ. পৰিৱেশ সম্বন্ধিত সম্পদ।
ঙ. নৱীকৰণক্ষম শক্তিৰ যন্ত্ৰ আৰু জীৱাষ্ম শক্তিৰ সংৰক্ষণ।
চ. খাদ্য সংৰক্ষণ আৰু ইয়াৰ সৈতে সম্বন্ধিত কাৰ্য্যক্ৰম।
ছ. ক্ষুদ্ৰ উদ্যোগ আৰু হস্তশিল্প উদ্যোগ গঢ়ি তুলিবৰ বাবে স্থানীয় সামগ্ৰী ব্যৱহাৰ সম্বন্ধিত উন্নয়নমূলক কাৰ্য্যক্ৰম।
জ. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ।
ঝ. উদ্ভাৱনীমূলক জলসিঞ্চন যন্ত্ৰ আৰু ইয়াৰ আখৰা।
ঞ. নিম্ন খৰচৰ আৱাস ব্যৱস্থা।
ট. জল আহৰণ আৰু গ্ৰাম্যাঞ্চলৰ লোকৰ বাবে ইয়াৰ বিশুদ্ধকৰণ।
ঠ. প্ৰযুক্তিবিদ্যা অভিযান আৰু কিছুমান বাচনি কৰা গুৰুত্বপূৰ্ণ প্ৰযুক্তিবিদ্যা সম্বন্ধিত গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰম।
ড. বিজ্ঞান আৰু গাণিতিক শিক্ষাৰ উন্নয়নৰ বাবে গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰম।
ঢ. বিজ্ঞানৰ কিছু সীমা ক্ষেত্ৰত মৌলিক কাৰ্য্য সম্পাদন কৰা যাতে উচ্চ প্ৰভাৱিত মূল্যৰ সৈতে প্ৰকাশ পায়।

গুৰুত্বপূৰ্ণ টোকা

১. কোনো বিশেষ সমস্যাৰ নিৰ্দিষ্ট দিশ আৰু পূৰ্ণ সজ্ঞাযুক্তু প্ৰকল্পৰ সৈতে জড়িত থকাৰ বাবে অনুৰোধ যি গভীৰ ভাৱে/সম্পূৰ্ণকৈ তিনি বছৰৰ ভিতৰত অধ্যয়ন কৰিব পাৰি। কিন্তু, সম্পূৰ্ণ যুক্তিৰ আধাৰত এই সময়সীমা পৰিষদে অতিৰিক্ত এবছৰলৈ বৃদ্ধি কৰিবও পাৰে।
২. প্ৰস্তাৱ লিখাৰ সময়ত, বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সবিশেষ সমূহ যাতে শুদ্ধকৈ ফুটি উঠে এই কথা সুনিশ্চিত কৰাৰ প্ৰয়োজন। সাম্ভাব্য পৰিমাণে ইয়াক পৰিহাৰ কৰিবও পাৰে।
৩. এই নথিত উল্লেখিত নিৰ্দিষ্ট ধৰণ অনুসৰিহে প্ৰস্তাৱ প্ৰস্তুত আৰু জমা কৰা উচিত।

চৰ্তাৱলী

১. মূখ্য প্ৰতিষ্ঠানটোৱে প্ৰকল্পৰ বিত্তীয় আৰু আন আন প্ৰশাসনীক দায়িত্ব সমূহ গ্ৰহণ কৰাটো আশ কৰা হৈছে।
২. বহু-প্ৰতিষ্ঠানিক প্ৰকল্পৰ ক্ষেত্ৰত মূখ্য তদন্তকাৰীয়ে সহকাৰী প্ৰতিষ্ঠান/বিজ্ঞানী সকলৰ পৰা আনুষ্ঠানিক আৰু স্পষ্ট চুক্তিপত্ৰ লাভ কৰিব লাগিব। এই চুক্তিপত্ৰ প্ৰস্তাৱৰ সৈতে জমা দিব লাগিব।
৩. প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা লোকক প্ৰতিষ্ঠানৰ নিয়ম আৰু এ.এছ.টি.ই.চি.ৰ পৰমৰ্শ অনুযায়ী পাৰিতোষিক প্ৰদান কৰিব লাগিব।
৪. অনুদানৰ সহায়ত ক্ৰয় কৰা আহিলাপাতিৰ যথা সম্ভৱ ব্যৱহাৰ কৰাটো হৈছে এ.এছ.টি.ই.চি.ৰ এক নীতি। এই দিশত গুৰুত্ব প্ৰদান কৰিয়েই তদন্তকাৰীয়ে অব্যৱহৃত আহিলাপাতি ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰে যি আহিলাপাতি এ.এছ.টি.ই.চি.ৰ পুঁজি প্ৰদানকৃত অন্য প্ৰকল্পৰ গৱেষণা কৰ্মীকে ধৰি প্ৰামাণিক বাস্তৱিক ব্যৱহাৰকাৰীৰ প্ৰকল্পৰ জৰিয়তে অধিগ্ৰহণ কৰা হৈছে। এনে ব্যৱহাৰৰ এক লেখ নথিভুক্ত কৰা হয় আৰু মূখ্য তদন্তকাৰীয়ে শেষ প্ৰতিবেদনৰ সৈতে ইয়াক জমা দিব।
৫. এইটো আশা কৰা হয় যে তদন্তকাৰীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে অনুমোদিত প্ৰকল্প সম্পূৰ্ণ। যদি কোনো তদন্তকাৰীয়ে নিজৰ প্ৰকল্প অসম্পূৰ্ণ অৱস্থাতে এৰিব খোজে তেনেহলে ইয়াৰ পূৰ্ণ যুক্তিৰ সৈতে এ.এছ.টি.ই.চি.ৰ সঞ্চালকক সঠিক পদ্ধতিৰে অবগত কৰিব লাগিব। আবেদনকাৰীয়ে এই প্ৰকল্প অব্যাহত ৰাখিবৰ বাবে অন্য গৱেষণাৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰিব পাৰে।
৬. যিকোনো সময়ত অনুদান বাতিল কৰিব পাৰে, যদিহে পুঁজিৰ সঠিক ব্যৱহাৰ নহয় বা প্ৰকল্পৰ অগ্ৰগতি সন্তুষ্টজনক নহয়।
৭. অনুদানৰ জৰিয়তে ক্ৰয় কৰা সকলো আহিলাপাতি গৱেষণা কৰি থকা প্ৰতিষ্ঠানটোৰ সৈতেই ইয়াৰ সম্পদ হৈ থাকিব। কিন্তু, পৰিষদে অন্য গৱেষণাৰ বাবে আন কোনো উদ্দেশ্যৰ বাবে অনুদানৰ জৰিয়তে অধিক্ৰয় কৰা এই আহিলাপাতি বোৰ হস্তান্তৰ কৰা/স্থানান্তৰ কৰাৰ ক্ষেত্ৰত পূৰ্ণ অধিকাৰ বহন কৰে।
৮. পৰিষদৰ পৰা লাভ কৰা আৰ্থিক সহায়ৰ কথা উল্লেখ কৰি তদন্তকাৰীয়ে গৱেষণাৰ পৰিণাম প্ৰকাশো কৰিব পাৰে। আবেদনকাৰী/তদন্তকাৰীয়ে গৱেষণা কাৰ্য্যৰ পৰিণাম, আৰ্হি, উদ্ভাৱন আদিৰ বাণজ্যিক ব্যৱহাৰ কৰিবও বাবে, যদিহে-

  • তেঁও পৰিষদৰ পৰা আগতীয়কৈ ইয়াৰ বাবে অনুমতি লাভ কৰে আৰু
  • তেওঁ এই বাণিজ্যক ব্যৱহাৰৰ পৰা লাভ কৰা ধনৰ ১৫শতাংশ পৰিমান পৰিষদক জমা দিয়াৰ চুক্তি স্বাক্ষৰ কৰে।


৯. উপৰত উল্লেখ কৰা চৰ্তসমূহৰ উপৰিও পৰিষদে প্ৰয়োজন সাপেক্ষে অতিৰিক্ত চুক্তি সন্নিৱিষ্ট কৰিবও পাৰে বা ওপৰৰ চুক্তি কেইটা বাতিল কৰিবও পাৰে।

নথি/প্ৰস্তাৱৰ সৈতে অনুৰোধ কৰা গাথি দিবলগীয়া

  • প্ৰতিষ্ঠানৰ মুৰুব্বীৰ দ্বাৰা অনুমোদন........এক প্ৰতিলিপি(লেটাৰ হেডত) ৬-পৃষ্ঠা
  • মূখ্য তদন্তকাৰীয়ে প্ৰদান কৰা প্ৰমাণ পত্ৰ...................এক প্ৰতিলিপি ৭-পৃষ্ঠা
  • প্ৰস্তাৱৰ বিস্তাৰ(নিৰ্ধাৰিত ধৰণত)........................৭ প্ৰতিলিপি
  • প্ৰকল্পৰ অতিৰিক্ত প্ৰতিলিপি....................৭ প্ৰতিলিপি
  • প্ৰতিষ্ঠান/পৰীক্ষাগাৰত উপলব্ধ আন্তঁগাথনীৰ সুবিধা।
  • তদন্তকাৰীৰ বিষয়ে সবিশেষ, ১৭পৃষ্ঠা
  • একে বিষয়তে সুকীয়া ভাৱে কাম কৰা পাঁচ গৰাকী বিশেষজ্ঞৰ নাম আৰু ঠিকনা।

টোকাঃ ব্যৱহাৰীক প্ৰমাণ পত্ৰৰ প্ৰফাৰ্মা, (ছমহীয়া, বাৰ্ষিক আৰু অন্তিম), অগ্ৰগতি।