কৃতিস্বত্ব সাধাৰণতে মস্তিষ্কৰ দ্বাৰা সৃষ্টক বুজাই। কোনো লোকৰ মনত উদ্ভাৱন হোৱা ভাৱধাৰা, চিন্তা, সমস্যাৰ সমাধান ইত্যাদিক সুৰক্ষিত কৰিব পৰা নাযাই। কিন্তু এই সকলোবোৰ প্ৰতিনিধিনত্ব কৰিব পৰা কোনো বাস্তৱিক ৰূপক আইনী সূৰক্ষা প্ৰদান কৰাটো সম্ভৱ। মগজুৰ দ্বাৰা সৃষ্ট এনে বাস্তৱিক ৰূপক বৌদ্ধিক স্বত্বৰ অধিকাৰ হিচাপে জনা যায়।
ভিন্ন প্ৰকাৰৰ আই.পি.আৰ. সমূহ হৈছেঃ
কৃতিস্বত্ব অধিকাৰ হৈছে এক সাংবিধানিক অধিকৰা, এবাৰ এই অধিকাৰ লাভ কৰাৰ পাছত সৃষ্টিকৰ্তাৰ মতামত অবিহনে এক নিৰ্দিষ্ট সময়সীমালৈ সেই একে ধৰণৰ উদ্ভাৱন বা ইয়াৰ বাণিজ্যিক ব্যৱহাৰ আন কোনেও কৰিব নোৱাৰে। এই কাৰ্য্যাৱলী বা উদ্ভাৱন সমূহৰ বাণিজ্যক ব্যৱহাৰ কৰিলে এই অধিকাৰে সৃষ্টিকৰ্তা/স্বত্বাধিকাৰী সকলক লাভান্বিত হোৱাটো নিশ্চিত কৰে। উদ্ভাৱক, সৃষ্টিকৰ্তা, আৰ্হি প্ৰস্তুতকৰ্তা সকলে তেঁলোকৰ জ্ঞান আৰু কাৰ্য্যাৱলী প্ৰকাশ কৰিলে আই.পি.আৰ. প্ৰদান কৰা হয়।
কৃতিস্বত্ব হৈছে এক সূকীয়া অধিকাৰ প্ৰদান ব্যৱস্থা, যি এক নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰে ইয়াৰ স্বত্বাধিকাৰীক প্ৰদান কৰে যেতিয়া তেঁও নিজৰ উদ্ভাৱন সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিব আৰু ইয়াৰ পাছত আনে সেই উদ্ভাৱন ব্যৱহাৰ কৰা, বিক্ৰী কৰা, পেটেণ্ট কৰা সামগ্ৰী আমদানী কৰা বা এনে সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বাধা আহি পৰে। অন্য ধৰণে কবলৈ হলে, পেটেণ্ট হৈছে চৰকাৰ আৰু উদ্ভাৱক বা পেটেণ্টৰ আবেদনকাৰীৰ মাজত হোৱা চুক্তি, যত আবেদনকাৰীয়ে তেওঁৰ উদ্ভাৱনি বিস্তৃত ৰূপত প্ৰকাশ কৰাৰ পাছত চৰকাৰৰ পৰা এক নিৰ্দিষ্ট সময়ৰ বাবে এককস্বত্ব অধিকাৰ লাভ কৰে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে সুৰক্ষা প্ৰদান আৰু ব্যৱহাৰৰ জৰিয়তে উদ্ভাৱনী ক্ষেত্ৰত উত্সাহ জগোৱা যাতে ই উদ্যোগ ক্ষেত্ৰৰ উন্নয়নৰ বাবে সহায়ক হয়, যি আওপকিয়াকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ প্ৰচাৰৰ ক্ষেত্ৰতেই অৰিহনা যোগাই আৰু লগতে এই প্ৰযুক্তি স্থানান্তৰ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰতো ই সহায়ক হয়। পেটেণ্ট ব্যৱস্থাই এক নতুন প্ৰযুক্তি ব্যৱহাৰৰ বাবে উপলব্ধ হোৱাটো সুনিশ্চিত কৰে আৰু ইয়াৰ জৰিয়তে প্ৰযুক্তিগত আৰু অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰাৰ লগতে উদ্ভাৱনি ক্ষেত্ৰত গোপনীয়তা বজাই ৰখা সকলকো গোপনীয়তা ভংগ কৰাৰ বাবে অনুপ্ৰাণিত কৰে। ইয়াৰোপৰি, বিভিন্ন প্ৰতিষ্ঠান তথা বানিজ্যিক গোষ্ঠীক পেটেণ্টৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি পেটেণ্টৰ অধিকাৰীয়ে ৰয়েল্টি লাভ কৰিবও পাৰে। এই ব্যৱস্থাই নতুন উদ্ভাৱক সকলকো উত্সাহিত কৰে।
কৃতিস্বত্ব অধিকাৰৰ এক বৈশিষ্ট হৈছে ই এক ভৌগলিক সীমাৰ ভিতৰতহে আৱদ্ধ, এখন দেশত পেটেণ্ট লাভ কৰিলে এই অধিকাৰ আন এখন দেশত প্ৰযোজ্য নহয়। এবাৰ এই অধিকাৰ লাভ কৰিলে ইয়াৰ স্বত্বাধিকাৰীয়ে নিজৰ অধিকাৰ বা উদ্ভাৱনীৰ ব্যৱহাৰ, বিক্ৰী বা ইয়াৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত একক স্বত্ব লাভ কৰে কিন্তু ই এক নিৰ্দিষ্ট সময়ৰ বাবেহে। এই সময়সীমা সাধাৰণতে ২০বছৰৰ বাবেহে, যি সময়সীমা অতিক্ৰম কৰাৰ পাছত পেটেণ্ট কৰা কাৰ্য্যাৱলী বা উদ্ভাৱনীৰ ওপৰত সৃষ্টিকৰ্তাৰ কোনো অধিকাৰ নাথাকে আৰু ই সম্পুৰ্ণৰূপে জনসাধাৰণৰ বিনামূলীয়া ব্যৱহাৰৰ বাবে উপলব্ধ হৈ পৰে।
কোনো উদ্ভাৱনৰ বিপৰীতে পেটেণ্ট লাভ কৰিবলৈ হলে উদ্ভাৱনৰ কিছুমান বৈশিষ্ট থকাটো প্ৰয়োজন।
নতুনত্ব: ই উদ্ভাৱনৰ সৈতে থকা নতুনত্বক বুজাই। উদ্ভাৱন বিধ কেবাৰে নতুন বৈশিষ্ট সম্পন্ন হব লাগিব আৰু পূৰ্বতে কেতিয়াও প্ৰকাশ পাব নালাগিব। ইয়াৰ বিষয়ে পূৰ্বতে কোনো ৰাজহুৱা জ্ঞান থাকিব নালাগিব।
উদ্ভাৱনীয়তা: উদ্ভাৱন সমূহ নিশ্চয়কৈ উদ্ভাৱনীয়তাৰ সকলো স্তৰৰ মাজেৰে পাৰ হৈ আহিব লাগিব। উদ্ভাৱনৰ সৈতে জড়িত কলাৰ ক্ষেত্ৰত ব্যক্তিজন দক্ষ বুলি স্পষ্ট হব নালাগিব। এই উদ্ভাৱনে যাতে এক অৰ্থনৈতিক গুৰুত্ব আৰু প্ৰযুক্তিগত ব্যৱহাৰোপযিগিতা বহন কৰে।
উদ্যোগিক ব্যৱহাৰোপযোগিতা: উদ্যোগত ব্যৱহাৰ কৰিব পৰা বা পুনৰ নিৰ্মাণ কৰিব পৰা বিধৰ হব লাগিব এই উদ্ভাৱন।
নতুন, স্পষ্ট নোহোৱা আৰু ব্যৱহাৰোপযোগী হোৱাৰ পাছতো বহুবোৰ উদ্ভাৱন কৃতিস্বত্ব কৰিব পৰা নাযায়। এনে উদ্ভাৱন বোৰ হল:
এটমিক শক্তি সম্বন্ধীয় কোনো উদ্ভাৱনক পেটেণ্ট প্ৰদান কৰা নহয় যি এটমিক আইন, ১৯৬২, ২০নং ধাৰাত উল্লেখ আছে।