মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আজিৰ দিনত বিজ্ঞানঃ কালিৰ প্ৰযুক্তিবিদ্যা

অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ হৈছে ৰাজ্যখনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ বাবে প্ৰধান বিভাগ। অসম চৰকাৰে ৰাজ্যখনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰাটো পৰিলক্ষিত হৈছে। সাধাৰণ ৰাইজৰ মাজত বিজ্ঞানক অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যৰে ইতিমধ্যে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে উতকৰ্ষ সাধনৰ উদ্দেশ্যৰে বহু অনুষ্ঠান-প্ৰতিষ্ঠানো গঢ়ি তুলিছে। গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা, ইয়াত সহায় আগবঢ়োৱা, প্ৰচাৰ আৰু সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে মনযোগ দিয়ে যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অতি প্ৰাসংগিক হৈ পৰে আৰু যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপাদানৰ সৈতে ৰাষ্ট্ৰীয় সংস্থাৰ সৈতে বৰ্তালাপৰ জৰিয়তে আৰু ৰাজ্যৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত সহায়ক হয়।