মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

ৰেডিঅ জ্যোতিষ কেন্দ্ৰ

ৰেডিঅ জ্যোতিষ কেন্দ্ৰ হৈছে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু এ.এছ.টি.ই.চি.ৰ এক যুটিয়া প্ৰকল্প যি মহাবিদ্যালয় খনৰ পদাৰ্থ বিজ্ঞান বিভাগত কাৰ্য্যৰত আৰু ইয়াত অধ্যাপক এ.কে. গোস্বামী হৈছে কেন্দ্ৰটোৰ সহ-প্ৰতিষ্ঠাপক। এই প্ৰকল্পৰ অধীনত, দুই মিটাৰ সৌৰ ট্ৰেকিং ৰেডিঅ দূৰবীণৰ জৰিয়তে এছ. বেণ্ডত প্ৰায় ২.৮জিগা হাৰ্টজ সৌৰ সোঁতৰ মূল্য ৰেকৰ্ড কৰা হয়। কেন্দ্ৰটোৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু গৱেষক সকলে নিজৰ জ্ঞান আৰু ক্ষমতা বৃদ্ধি কৰিবলৈ এষ্ট্ৰফিজিক্স, ৰেডিঅ এষ্ট্ৰনমী আৰু এম.এম. ওৱেভ প্ৰপাগেচন ভিত্তিত ইষ্টাৰ্ন চেণ্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰনমী(ই.চি.আৰ.এ.), কলকাতাত অনুষ্ঠিত কিছুমান প্ৰশিক্ষণ, কৰ্মশালা আদিত অংশ গ্ৰহণ কৰিছে। তথ্য সংগ্ৰহৰ বৰ্তমান ব্যৱস্থা হৈছে চাৰ্ট ৰেকৰ্ডাৰ ভিত্তিক যি অত্যন্ত মন্থৰ গতিৰ আৰু শুদ্ধ পৰিণাম প্ৰদানৰ ক্ষেত্ৰতো কিছু ক্ৰুতিপূৰ্ণ। এই ব্যৱস্থা বৰ্তমান কম্পিউটাৰ ভিত্তিক তথ্য লগিং পদ্ধতিৰ জৰিয়তে ডিজিটেল ৰূপত উন্নিতকৰণ কৰি থকা হৈছে। এই ব্যৱস্থা হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চোলাৰ ৰেডিঅ এষ্ট্ৰনমী ক্ষেত্ৰত একমাত্ৰ যত গৱেষণা আৰু ব্যৱাহাৰিক কাৰ্য্যক্ৰমণিকা গ্ৰহণ কৰিবৰ বাবে থকা পৰিষৰ বহু বেছি। কেন্দ্ৰই ৰেকৰ্ড কৰা ৰেডিঅ ডাটাবোৰ কলিকতাৰ ইষ্টাৰ্ন চেন্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰনমীৰ সৈতে পৰামৰ্শ কৰি বিশ্লেষন কৰি থকা হৈছে।

কেন্দ্ৰই এছ. বেণ্ডত সংগ্ৰহ কৰা ডাটা সমূহ তলত উল্লেখিত পৰিঘটনা সমূহৰ ক্ষেত্ৰত অধ্যয়ন আৰু মূল্যাংকণৰ বাবে ব্যবহাৰ কৰা হব।

অতি বেঙুনীয়া ৰেডিঅ নিৰ্গমণৰ উগ্ৰতা, ফ্লেয়াৰ চাইকেল ভেৰিয়েচন, সূৰ্য্যৰ দাগৰ সংখ্যা আৰু ফ্লেয়াৰ উগ্ৰতাৰ মাজত সহ-সম্বন্ধ, সূৰ্য্যৰ বিভিন্ন তৰপৰ তাপমাত্ৰা, পাৰিপাৰ্শ্চিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰেকৰ্ড কৰা ডাটাৰ উগ্ৰতাৰ পাৰ্থক্য, পৰিৱেশৰ সহ-কুশলতা অৱশোষন কৰা, অনুৰূপ ফ্লেয়াৰৰ সময় নিৰ্ধাৰণ আৰু ইয়াৰ পৰ্য্যায় সমূহ, এটা বছৰত ফ্লয়াৰৰ উগ্ৰতাৰ পাৰ্থক্য নিৰ্ধাৰণ, সৌৰ বিষ্ফোৰণ ধৰা পেলোৱা, সৌৰ বিষ্ফোৰণ আৰু সৌৰ ফ্লেয়াৰৰ মাজত থকা সহ-সম্বন্ধ।