মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

অসম জৈৱ-সম্পদ কেন্দ্ৰ

পটভূমি

জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ বিশ্বৰ এক ভৌগলিক স্থানত অৱস্থিত অসম ৰাজ্যই নিজৰ গৌৰৱ বৃদ্ধিত এক বিশাল ভূমিকা পালন কৰিব পাৰে। অবৈষম্যমূলক আৰু অনিয়ন্ত্ৰিত ভাৱে প্ৰাকৃতিক সম্পদ সমূহৰ ধ্বংস যজ্ঞ অব্যাহত থকাৰ বাবেই বৰ্তমান বহু জৈৱ-সম্পদ নাইকিয়া হৈ যোৱাৰ উপক্ৰম ঘটিছে। এই ধ্বংস যজ্ঞ ৰোধ কৰাৰ বাবেই জনসাধাৰণৰ মাজত অত্যাধিক হাৰত বৈজ্ঞানিক সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে যাতে পৃথিৱীৰ পৰা নাইকিয়া হবলৈ ধৰা কিছুমান অত্যাধিক মূল্যৱান জৈৱ সম্পদ বা ঔষধি গছ ৰক্ষা কৰিব পাৰি। এই উদ্দেশ্যৰেই অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মদন কামদেৱত অসম জৈৱ-সম্পদ কেন্দ্ৰটো স্থাপন কৰা হৈছিল।

অসম জৈৱ-সম্পদ কেন্দ্ৰটোৰ প্ৰধান উদ্দেশ্য সমূহ হলঃ

(i)বিভিন্ন জাৰ্মপ্লাম বেংক, উদ্যান, সংৰক্ষণস্থলী আদি নিৰ্মাণ কৰি উত্তৰ-পূৰ্বঞ্চলত উপলব্ধ অথৱা ইয়াৰ সমিপবৰ্তী এলেকাত উপলব্ধ বাচনি কৰা কিছুমান অৰ্থনৈতিক আৰু পাৰিস্থিতিক মূল্য বহনকাৰী জীৱ তথা উদ্ভিদ সংৰক্ষণ কৰা।

(ii)প্ৰাণীকুল আৰু উদ্ভিদকুল সংৰক্ষণ কৰিবলৈ আটাইতকৈ সঠিক পদ্ধতি সম্বন্ধে গৱেষণা আদি পৰিচালনা কৰা।

(iii)স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, গৱেষক, পণ্ডিতক জীৱকুল আৰু উদ্ভিদকুল সম্বন্ধে গৱেষণা কৰাৰ ক্ষেত্ৰত উৎসাহ যোগোৱা আৰু তেঁওলোকক ইয়াৰ বাবে সুবিধা প্ৰদান কৰা।

(iv)অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-সমল সম্বন্ধে তথ্য বিতৰন কৰা।

এ.বি.আৰ.চি.ত উপলব্ধ আঁন্তঃগাথনিৰ সুবিধা

-ভুমি: অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ পৰা ১৯৯৫ চনতে বাইহাটা চাৰিআলিত থকা ঐতিহাসিক মদন কামদেৱ মন্দিৰৰ কাষতে ৫৫ বিঘা ভূমি লাভ কৰা হৈছিল।

-বৈজ্ঞানিক উদ্যান: কেন্দ্ৰৰ ২০ বিঘা ভূমি ছটা খণ্ডত বিভক্ত কৰা হৈছিল। ইয়াৰে প্ৰতিটে খণ্ডতে অৰ্থনৈতিক আৰু পাৰিস্থিতিক মূল্য থকা উদ্ভিদ প্ৰজাতিক চিনাকি কৰি দিয়া হয় আৰু সঠিক ভাৱে ইয়াৰ তত্বৱধান অব্যাহত আছে। কেন্দ্ৰটোত কিছুমান এপিফিটিক অৰ্কিডো প্ৰাকৃতিক পৰিবেষ প্ৰদান কৰি তত্বৱধান কৰি থকা হৈছে।

-ঔষধিশালা আৰু সংগ্ৰহালয়: ইয়াত ১২ টা ঔষধিশালা কেবিনেট আছে। প্লাণ্ট স্পেচিমেন সহ থকা হাৰ্বাৰিয়াম চিটচৰ সংখ্যা হৈছে ৪০০০। সংগ্ৰহালায় স্পেচিমেনৰ সংখ্যা হৈছে ৩০০।

-সংৰক্ষণস্থলী: অৰ্কিডিৰিয়ামঃ ২, ফাৰ্ন হাইচঃ ১, লাথ হাউচঃ ১, মিস্ত চেম্বাৰঃ ১, কেকটাছ হাউচঃ ২, মিস্ত চেম্বাৰঃ ২।

কেন্দ্ৰত বিকশিত অৱস্থাত থকা উদ্ভিদ প্ৰজাতি সমূহঃ ১৫০ প্ৰজাতিৰ ঔষধি উদ্ভিদ, ২০ প্ৰজাতিৰ বাঁহ, ১৫ প্ৰজাতিৰ কেকতাচ, ৯৫ প্ৰজাতিৰ অৰ্কিড, ৪ প্ৰজাতিৰ বেঁট, ৩২০ প্ৰজাতিৰ আন আন উদ্ভিদ।

প্ৰভাৱ

(i)কেন্দ্ৰটোৱে ইতিমধ্যে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে নানা বৈজ্ঞানিক সংগঠনক আকৰ্ষন কৰিলৈ সক্ষম হৈছে। শিক্ষাগত কাৰণত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে নিয়মীয়া ভাৱে এই কেন্দ্ৰটো ভ্ৰমণ কৰে।

(ii)কেন্দ্ৰটো অৱস্থিত অঞ্চলৰ লোক সকলে ইয়াৰ জৰিয়তে পৰিৱেশ আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ প্ৰতি সচেতন হৈ উঠিছে।

ইয়াৰ সৈতে জড়িত বিভাগ/প্ৰতিষ্ঠান সমূহ

(i)অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ

(ii)অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ

(iii)মণিপুৰৰ জৈৱ-সম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান

(iv)অসম চৰকাৰৰ পূৰাতত্ব সঞ্চালকালয়

(v)ভুৱনেশ্বৰৰ আঞ্চলিক উদ্ভিদ সমল কেন্দ্ৰ

(vi)ভুৱনেশ্বৰৰ আঞ্চলিক উদ্ভিদ সমল কেন্দ্ৰ

(vii)বন গৱেষণা প্ৰতিষ্ঠান, দেহৰাদোন