মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

সৌৰ স্টিল

পানীক লৱণু মুক্ত কৰাৰ ক্ষেত্ৰত এই সৌৰ স্টিল ব্যৱহাৰ কৰা হয়। অশুদ্ধ পানীৰ পৰা বিশুদ্ধ খোৱা পানী লাভৰ বাবে ই হৈছে এক অতি সৰল যন্ত্ৰ যি কেৱল সৌৰ শক্তিক ইন্ধন হিচাপে খৰচ কৰে বিশেষকৈ ইয়াৰ বিভিন্ন খৰুৱা, উদ্যোগিক বা শিক্ষাগত ক্ষেত্ৰত ব্যৱহাৰৰ বাবে।

ফাইবাৰ ৰিইনফৰ্চদ প্লাষ্টিকৰ (এফ.আৰ.পি.) দ্বাৰা নিৰ্মিত তৰাং তিনিকুণীয়া জলচ্চেদ ব্যৱহাৰ কৰা হয় সৌৰ স্টিলৰ ক্ষেত্ৰত। জলচ্চেদৰ তল ভাগত কলা ৰং কৰা হয় যাতে ই পৰ্য্যাপ্ত পৰিমাণে সৌৰ তাপ শোষন কৰিব পাৰে। ইয়াৰ উপৰ ভাগত স্বচ্ছ আইনাৰে আৱৰি দিয়া হয় যাতে সাম্ভাব্যাধিক সূৰ্য্যৰ বিকিৰণ আহি স্টিলত পৰেহি। এই জলচ্চেদত বায়ু প্ৰৱেশ নকৰিবৰ বাবেও ব্যৱস্থা লোৱা হয়। এম.এছ. কোণৰ যৰিয়তে নিৰ্মিত এক সংৰচনাৰ ওপৰত এই জলচ্চেদ ৰখা হয়। এক সঞ্চয়কাৰী পাত্ৰ এই জলচ্চেদৰ নিৰ্গমন অংশৰ সৈতে সংযোগ কৰা হয়। স্টিল জলচ্চেদত পানী ভৰাব পৰা ব্যৱস্থাও কৰা হয়। জলচ্চেদৰ ভিতৰভাগ পৰিস্কাৰ কৰিবৰ বাবে ইয়াত এখন খিৰিকিৰ ব্যৱস্থাও কৰা হয়। জলচ্চেদৰ এক পাতল তৰপত পানী চাৰ্জ কৰা হয়।

নিম্নোল্লেখিত কাৰণবোৰৰ বোৰৰ বাবে গতানুগতিক লৱণুমুক্তকৰণ/পানী বিশুদ্ধকৰণ/ৰাসায়নমুক্তকৰণ ব্যৱস্থাতকৈ সৌৰ স্টিলৰ উপযোগিত বহু বেছিঃ

১. বিশুদ্ধ পানী উৎপন্ন কৰে

২. কোনো বিশেষ মুভাৰ্চৰ প্ৰয়োজন নাই

৩. কোনো গতানুগতিক শক্তিৰ প্ৰয়োজন নাই

৪. কোনো দক্ষ লোকৰ প্ৰয়োজন নাই

৫. স্থানীয় ভাবেই ইয়াক তৈয়াৰ কৰিব পাৰি

৬. বিনিয়োগৰ বাবে কম ধনৰ প্ৰয়োজন

৭. অত্যাধিক লৱণুযুক্ত পানী বিশুদ্ধ কৰিব পাৰে (আনকি সাগৰৰ পানীও)

বিশুদ্ধ আৰু সতেজ পানী লাভ কৰাৰ বাবে সৌৰ স্টিল অতিকৈ উপযোগী যি নিম্নলিখিত ক্ষেত্ৰ সমূহৰ অতি প্ৰয়োজনঃ :

উদ্যোগউদ্যোগিক প্ৰক্ৰিয়াকৰণৰ বাবে
চিকিৎসালয় তথা চিকিৎসা কেন্দ্ৰবীজাণু মুক্তকৰণ
গেৰেজ আৰু যান-বাহন মেৰামতি কৰা কৰ্মশালাৰেডিয়েটৰ আৰু বেটাৰীৰ তত্বাৱধনৰ বাবে
দূৰবাৰ্তা বিনিময়বেটাৰীৰ তত্বাৱধানৰ বাবে
পৰীক্ষাগৰৰ ব্যৱহাৰৰ বাবেবিশ্লেষণকাৰী কামৰ বাবে
জলহুৱা আৰু সাগৰৰ পাৰ অঞ্চলবোৰতউদ্যোগিক প্ৰক্ৰিয়াকৰণৰ বাবে