মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

হোৱাইট-এল.ই.ডি. (ডব্লিও.-এল.ই.ডি.) ভিত্তিক সৌৰ পথ পোহৰ ব্যৱস্থা

এক স্বতন্ত্ৰ সৌৰ ফটোভলটেইক পথ পোহৰ ব্যৱস্থা (এছ.এল.এছ.) হৈছে এক মুকলিত পোহৰ বিস্তাৰ কৰা একক যি পথ বা মুকলি এলেকা পোহৰাবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে প্ৰয়োজন সৌৰ ফটোভলটেইক(এছ.পি.ভি.) মডিউল, এক লুমিনায়াৰ, বেটাৰী, নিয়ন্ত্ৰন ইলেক্ট্ৰনিকচ, আন্তঃসংযুক্ত বিদ্যুতবাহী তাঁৰ/কেবোল আৰু লগতে বেটাৰী বক্স আৰু হাৰ্ডওৱেৰ অন্তৰ্ভুক্ত মডিউল মাউণ্টিং পোল। ইয়াৰ লুমিনায়াৰে বগা পোহৰ নিৰ্গতকাৰী ডায়দৰ ওপৰত ভিত্তি কৰে, এক কঠিন ৰূপত থকা যন্ত্ৰ যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়। লুমিনায়াৰটো পোলৰ ওপৰত এক সঠিক স্থানত স্থাপন কৰা হয় যাতে ইয়াৰ দ্বাৰা সাম্ভাব্য অধিক এলেকা পোহৰাই তুলিব পাৰে। পি.ভি. মডিউলটো পোলৰ একেবাৰে ওপৰত দক্ষিণ ফালে মুখ কৰি স্থাপন কৰা হয় যাতে ই ছাঁ নপৰাকৈ গোটেই দিন সৌৰ বিকিৰণ সংগ্ৰহ কৰিব পাৰে। পোলটোৰ সৈতে থকা এটা বক্সত বেটাৰীটো ৰখা হয়।

পি.ভি. মডিউলটোৱে দিনৰ ভাগত বিদ্যুত উতপন্ন কৰে আৰু এই বিদ্যুত বেটাৰিত জমা হয়হি আৰু ইয়াৰ সহায়ত গধুলিৰ পৰা পুৱতি নিশালৈ লুমিনায়াৰে পোহৰ দিয়ে। এই ব্যৱস্থাই স্বয়ংক্ৰিয়ভাবে গধুলি পোহৰ দিয়ে আৰু পুৱা বন্ধ হৈ যায়।