মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

হোৱাইট লেড(ডব্লিও.-লেড) ভিত্তিক সৌৰ চাকী

সৌৰ চাকী হৈছে সহজে কঢ়িৱাই লৈ ফুৰিব পৰা এবিধ সামগ্ৰী যাৰ বাবে প্ৰয়োজন এক পি.ভি. মডিউল, বেটাৰী, চাকী আৰু ইলেক্টনিকচৰ। বেটাৰী, চাকী আৰু ইলেক্ট্ৰিনিক সমূহ ধাতু, প্লাষ্টিক বা ফাইভাৰ কাঁচেৰে তৈয়াৰি এক নিৰ্দিষ্ট কোঠত স্থাপন কৰা হয়। সৌৰ চাকী সমূহ ৩৬০ডিগ্ৰীৰ পুৰ্ণ পৰিষৰ সামৰি ভিতৰত বা বাহিৰত পোহৰ বিয়পোৱাৰ বাবে প্ৰযোজ্য হয়।

পি.ভি. মডিউলে সূৰ্য্যৰ ৰশ্মিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে, বেটাৰীটো চাৰ্জ হয় আৰু ইয়াৰ দ্বাৰাই লুমিনেয়াৰ বোৰক বিদ্যুত যোগান ধৰে। লুমিনেয়াৰে হোৱাইট লাইট এমিটিং দায়ডে(ডব্লিও.-এল.ই.ডি.) অন্তৰ্ভুক্ত কৰে। ই হৈছে এক কঠিন ধাতুৰে গঢ়া যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়।