মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

চোলাৰ ড্ৰায়াৰ

অতীত কালৰে পৰাই খাদ্য-শস্য সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যৰে চোলাৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি থকা হৈছে। সাধাৰণতে মুকলি আকাশৰ তলত সূৰ্য্যৰ ৰদৰ সহায়ত এই ব্যৱস্থা কৰা হৈছিল। কিন্তু এই ব্যৱস্থাৰ বহুবোৰ অপকাৰিতাও আছিল, যেনে প্ৰতিকুল বতৰৰ বাবে খাদ্য-শষ্য নষ্ট হৈ যোৱা, বৰষুণ, বতাহ, কুৱলী, আদ্ৰতা আৰু ধুলি ইত্যাদি কাৰণ, তাৰোপৰি পশু-পক্ষিয়ে নষ্ট কৰা, পচি যোৱা অথবা ভেকুৰ লগা বা পোক-পৰুৱাই নষ্ট কৰা আদিবোৰো। ইয়াৰোপৰি এই ব্যৱস্থা অত্যধিক কষ্টকৰ, সময় খৰচি আৰু ইয়াৰ বাবে প্ৰয়োজন বৃস্তিত এলেকাৰ। সংস্কৃতিক আৰু উদ্যোগিক বিকাশৰ লকে লগে কৃত্তিম ড্ৰায়িং ব্যৱস্থা ব্যৱহাৰলৈ আহে। এই ব্যৱ্স্থা হৈছে খৰচবহুল আৰু ইয়াৰ বাবে বহু পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন যাৰ ফলত উতপাদন খৰচ বহু পৰিমাণে বৃদ্ধি পায়। এনে ক্ষেত্ৰত কৃত্তিম ড্ৰায়িং ব্যৱস্থা আৰু প্ৰাকৃতিক ড্ৰায়িং ব্যৱস্থাৰ বিপৰিতে চোলাৰ ড্ৰায়াৰ হৈছে আটাইতকৈ উত্তম বিকল্প।

খাদ্য-শষ্য শুকোৱাৰ ক্ষেত্ৰত, উদ্যোগিক ড্ৰায়িং প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চোলাৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা হয় যি বিদ্যুত খৰচৰ দিশৰ পৰা অত্যন্ত লাভজনক। কেৱল বিদ্যুত কম খৰচ কৰাই নহয়, কম সময় খৰচ কৰা, কম ঠাইৰ প্ৰয়োজন হোৱা, উত্পাদনৰ মাণদণ্ড উন্নত কৰা, ড্ৰায়িং প্ৰক্ৰিয়া অত্যধিক সৰল আৰু পৰিপক্ক কৰি তুলা আৰু লগতে পৰিবেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো চোলাৰ ড্ৰায়াৰ অত্যন্ত উপযোগী। চোলাৰ ড্ৰায়াৰ পূৰণা শুকোৱা পদ্ধতিৰ বহুবোৰ অপকাৰীতাৰ পৰা দুৰত অৱস্থিত। চোলাৰ ড্ৰায়াৰ সমগ্ৰ শুকোৱা প্ৰক্ৰিয়াৰ বাবেও ব্যৱহাৰ হব পাৰে বা কেতিয়াবা কৃত্তিম শুকোৱা পদ্ধতিৰ পৰিপূৰক হিচাপেও ব্যৱহাৰ হব পাৰে, আৰু এইদৰে প্ৰয়োজনীয় ইন্ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত ই উপযোগী হৈ পৰে।

চোলাৰ ড্ৰায়াৰ এক অত্যন্ত উপযোগী যন্ত্ৰ-

১. খেতিৰ শস্য শুকোৱাৰ বাবে
২. খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত ফল-মূল, আলু, পিয়াজ আৰু আন আন শাক-পাছলি নিৰুদন কৰিবৰ বাবে
৩. দুগ্ধ উত্পাদন উদ্যোগত গাখীৰ পাউদাৰ বা ছানা উতপাদনৰ বাবে
৪. কাঠৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত
৫. বস্ত্ৰ উদ্যোগত বস্ত্ৰজাত সামগ্ৰী শুকোৱাৰ ববে।