মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

হোৱাইট-এল.ই.ডি.(ডব্লিও.-এল.ই.ডি.) ভিত্তিক সৌৰ গৃহ পোহৰ ব্যৱস্থা

এক সৌৰ গৃহ পোহৰ ব্যৱস্থাই (এছ.এইচ.এছ.) ঘৰৰ এটা বা তাতোকৈ অধিক কোঠালিক অতি সুবিধাজনক ভাৱে পোহাৰাব পাৰে। এক পি.ভি. মডিউল, নিয়ন্ত্ৰন ইলেক্ট্ৰনিকচ, বেটাৰী আৰু লুমিনায়াৰ আদি এই এছ.এইচ.এছ.ৰ বাবে প্ৰয়োজনীয়। ইয়াত বহু এছ.এইচ.এছ. আৰ্হি আছে যি এটা, দুটা বা চাৰিটা বগা পোহৰ নিৰ্গতকাৰী ডায়দ ভিত্তিক বৈশিষ্ট বহন কৰে। এটা ডব্লিও.-এল.ই.ডি.ৰ সৈতে এখন সৰু ডি.চি. ফেন বা এটা ১২-ভি. ডি.চি. টেলিভিচন চলোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰি।

পি.ভি. মডিউলে সূৰ্য্যৰ ৰশ্মিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে, যি লুমিনায়াৰক শক্তি প্ৰদান কৰে। বগা পোহৰ নিৰ্গতকাৰী ডায়দ হৈছে এক কঠিন ৰূপত থকা যন্ত্ৰ যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়।