মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰম

পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাই স্থান ভিত্তিক সমস্যা, ব্যৱহৃত প্ৰকৃতি আৰু কৃষিক্ষেত্ৰৰ বাবে উপযোগিতা বৃদ্ধি পাই অহা এলেকা, উদ্যানকৃষি, ৰেচমবিদ্য, স্বাস্থ্য আৰু পুষ্টি আদিৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্য্যক্ৰমণিকাক সহায়তা আগবঢ়াবৰ বাবে পদক্ষেপ হাতত লৈছে। এই আঁচনিৰ অধীনত বিজ্ঞান আৰু অভিযান্ত্ৰিকতাৰ শুদ্ধ আৰু মূল গৱেষণাকো সহায়তা প্ৰদান কৰে। শাখাই সহায়তা আগবঢ়োৱা প্ৰকল্প সমূহক তলত উল্লেখ কৰা হল।

  • অসমৰ অবিভক্ত কামৰূপ জিলাত উপলব্ধ খাদ্য-সম্ভাৰৰ জৰিয়তে গুৱাহাটীৰ আই.এ.এছ.এছ.টি. অধীনষ্ঠ জীৱন বিজ্ঞান শাখাই কৃত্ৰিম ৰঙৰ প্ৰৱেশৰ ফলত সৃষ্ট সংশয়ৰ মূল্যাংকণ কৰে।
  • এ.আৰ.এছ.এ.চি., এ.এছ.টি.ই.চি. দ্বাৰা অসমৰ গুৱাহাটীৰ ভিতৰত থকা বনাঞ্চল আবৃত্ত চলন্ত মানচিত্ৰকৰণ আৰু বনানীকৰণ অঞ্চল।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিভাগৰ জৰিয়তে কিছু বেক্টেৰিয়া আৰু ভেঁকুৰ ব্যৱহাৰ কৰি বিভিন্ন পদাৰ্থত অতিৰিক্ত এলকহল উপাদান থকাটো নিৰ্ধাৰণ কৰা।
  • গধুৰ ধাতুৰ বিশুদ্ধিকৰণ ক্ষেত্ৰত অসমৰ জল-ক্ষেত্ৰ সমূহৰ পৰা উদ্ধাৰ কৰা কিছুমান পানীত গজা উদ্ভিদৰ উপযোগিতা সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তিবিদ্যা বিভাগে তদন্ত কৰা।
  • ফিজন ট্ৰেক ডেটিং পদ্ধতিৰ জৰিয়তে গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ দ্বাৰা ফটো নিউক্লিয়াৰ ইমালচন আৰু খনিজ শিল ক্ষেত্ৰত উচ্চ এনাৰ্জি ইণ্টাৰেকচন বিষয়ে অধ্যয়ন কৰা।
  • ঔষধি উদ্ভিদ জাৰ্মপ্লাজম ভাণ্ডাৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰচাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰা।
  • গুৱাহাটীৰ এল.চি.বি. মহাবিদ্যালয়ৰ ইলেক্ট্ৰনিকচ বিভাগৰ দ্বাৰা এটা বৈদ্যুতিন ঘড়ীত সংযুক্ত হৈ থকা এক ঘণ্টিক নিয়ন্ত্ৰণ কৰিব পৰা এক আৰ্হি প্ৰস্তুত কৰা হৈছে।