মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

বায়ু সম্পদ মূল্যাংকণ

উদ্দেশ্য

বায়ু শক্তি ব্যৱহাৰৰ উন্নয়নৰ বাবে ক্ষেত্ৰীয় জোখ-মাখৰ জৰিয়তে বায়ু সম্পদৰ মূল্যাংকণ কৰা হয়।

এনেদৰে লাভ কৰা তথ্যপাতি সমূহ ৰাষ্ট্ৰীয় বায়ু সম্পদ ভূ-চিত্ৰাৱলী তৈয়াৰ কৰা আৰু বায়ু শক্তি আহৰণ কৰাৰ বাবে সংকোচিত কৰা হয়।

পদ্ধতি

বৰ্তমান, বহুস্তৰীয় উপকৰণৰ সৈতে সম্পৰ্কিত ৫০ মিটাৰ/৮০ মিটাৰ দূৰত্বত ৰচীৰে বন্ধা মাস্তুলৰ ব্যৱহাৰ কৰা হৈছে যাতে নিৰ্ভৰযোগ্য আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় উপকৰণৰ লগত কৰা হৈছে যি বায়ু সম্পদ মূল্যাংকণৰ কাৰণে আৱশ্যকীয় উৎপাদন দিব পাৰে আৰু ইয়াক অসমৰ সকলো ক্ষেত্ৰ ষ্টেছনত ব্যৱহাৰ কৰা হৈছে।

অব্যাহত থকা প্ৰকল্পসমূহ

৮০ মিটাৰ বায়ু পৰ্য্যবেক্ষণ ষ্টেচন(ডব্লিও.এম.এছ.) সমূহ অসমৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰামীণ), কৰিমগঞ্জ, হাইলাকাণ্ডি আৰু কাছাৰ জিলাত অৱস্থিত। এই প্ৰকল্প চেন্নাইৰ বায়ু শক্তিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান(এন.আই.ডব্লিও.ই.), অসম শক্তি উন্নয়ন প্ৰতিষ্ঠান(এ.ই.ডি.এ.) আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰূপায়িত।

তাৰোপৰি, অসমৰ মৰিগাঁও, নগাঁও, গহপূৰ, বিশ্বনাথ, লক্ষীমপুৰ আৰু ধেমাজী জিলাত কেন্দ্ৰীয় নতুন আৰু নৱীকৰণক্ষম শক্তি মন্ত্ৰালয়ৰ নতুন/অনাবৃত এলেকা ২০১৬/১৭ প্ৰকল্পৰ অধীনত ৭ টা ৫০ মিটাৰ ডব্লিও.এছ.এছ. কাৰ্য্যকৰী কৰা হব।