মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰকল্প

উদ্ভাৱনী প্ৰকল্পৰ বিকাশৰ বাবে এই আঁচনিৰ অধীনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰীক আৰ্থিক আৰু শিক্ষাগত সহায় প্ৰদান কৰা হয়। এই ব্যৱস্থাৰ লক্ষ হল ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ সামৰ্থ ব্যৱহাৰৰ জৰিয়তে অৰ্থনৈতিক ভাৱে ব্যৱহাৰ্য্য আৰু প্ৰযু্ক্তিগত ভাৱে সম্ভৱ প্ৰকল্প পৰিকল্পনা কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰা যাতে ইয়াৰ জৰিয়তে সমাজৰ কিছুমান অভাৱ দূৰ কৰা বা প্ৰয়োজন পূৰণ কৰাত সহায়ক হয়। এই আঁচনিয়ে অনুধাৱন কৰেঃ

উদ্দেশ্য

  • যুৱ সমাজক ভৱিষ্যত গঢ় দিয়াৰ আটাইতকৈ সৃজনীমূলক কালছোৱাত তেওঁলোকৰ মাজত বহনক্ষম ভিত্তিক বৈজ্ঞানিক ৰুচি সৃষ্টি কৰা।
  • যুৱ বিজ্ঞানী সকলক প্ৰভাৱশালী আৰু উদ্ভাৱনীমূলক গৱেষণা ভাববাদ আয়ত্ব কৰাৰ ক্ষেত্ৰত নানা সুবিধা প্ৰদান কৰা। ৰাজ্যৰ উন্নয়নৰ সৈতে সম্পৰ্ক থকা প্ৰকল্প বা প্ৰয়োজন সাপেক্ষ প্ৰযুক্তিবিদ্যা বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
  • যুৱ সমাজক উন্নয়নমূলক কাৰ্য্যক্ৰম/ বিজ্ঞানসন্মত প্ৰক্ৰিয়াকৰণ আৰু পৰামৰ্শ/ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ভিত্তিক সমাধান বিকাশ ভিত্তিক অধ্যয়ন কৰাৰ বাবে উৎসাহিত কৰা।