মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

দক্ষতা গঢ় দিয়াৰ বাবে প্ৰশিক্ষণ কাৰ্য্যক্ৰম

অসমৰ বিভিন্ন স্থানত দক্ষ লোকৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে পৰিষদে বহু কাৰ্য্যক্ৰম ৰূপায়ন কৰি আহিছে। ই হৈছে উদ্যোগিক আৰু বাণিজ্যিক বিকাশৰ বাবে এক মৌলিক প্ৰয়োজন, যি বাহাল থকা আৰু প্ৰস্তাৱিত উদ্যোগিক আৰু বাণিজ্যক প্ৰতিষ্ঠান সমূহত নিবনুৱা সকলৰ বাবে নিয়োগ সৃষ্টৰ পথ মুকলি কৰে। এই আঁচনিৰ অধীনষ্ঠ কিছুমান প্ৰধান কাৰ্য্যক্ৰম তলত উল্লেখ কৰা হলঃ

  • নিৰ্দিষ্ট সমস্যা চিনাক্তকৰণৰ জৰীপ কৰা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত নগাঁৱৰ এছ.এছ.ই.এ.ই.পি.ৰ দ্বাৰা দক্ষতা সৃষ্টি কৰা কাৰ্য্যক্ৰম পৰিচালনা কৰা।
  • গুৱাহাটীস্থিত এ.এছ.টি.ই.চি.ৰ চামৰা সামগ্ৰী আৰু বস্ত্ৰ প্ৰস্তুত প্ৰশিক্ষণ কেন্দ্ৰত ছজন প্ৰশিক্ষাৰ্থীক চামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তি বিভাগৰ দ্বাৰা স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলাকৰ্ষণ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা।